নিউজ ডেস্ক:
মৰিগাওঁ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষ (IQAC)ৰ যুটীয়া সহযোগত 'প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট "লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেন্সাৰ বিশেষজ্ঞ সকলৰ অনুষ্ঠান (AONEI) ৰ সক্ৰিয় সহযোগিতাত মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি কেন্সাৰ আৰু উপশমী চিকিৎসা শীর্ষক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক পৰাগ জ্যোতিমহন্তই আঁত ধৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ লীলা কান্ত বৰঠাকুৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয় অধ্যাপিকা ডা০ গায়ত্ৰী গগৈ,বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষজ্ঞ চিকিৎসক ডাঃ গৌৰৱ দাস আৰু ডা০ গৌতম শৰ্মাই কেন্সাৰ ৰোগ আৰু ইয়াৰ চিকিৎসা তথা মুমুৰ্ষ ৰোগীৰ ক্ষেত্রত লবলগীয়া উপশমী যত্ন (Palliative care) ৰ বিষয়ে সহজ আৰু সাৱলীল বক্তব্য প্ৰদান কৰে। সচেতন হলে আৰু প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰিলে কেন্সাৰ যে সহজতে ভাল কৰিব পৰা যায় সেই বিষয়েও বক্তব্য আগবঢ়াই বক্তা কেইজনে। অসমৰ বিশিষ্ট অভিনেত্ৰী তথা প্ৰতিশ্ৰুতিৰ কেন্সাৰ সজাগতা মিছনৰ ব্ৰেণ্ড এম্বেছেদৰ বৰষাৰাণী বিষয়াই নৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰী সকলক কেন্সাৰ ৰোগৰ ক্ষেত্রত কিয় প্ৰত্যেকেই সচেতন হ'ব লাগে সেই বিষয়ে শৈল্পিক আৰু কাব্যিক ভাষাৰে বক্তব্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলক উদ্বুদ্ধ কৰি তোলাৰ লগতে নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰি ছাত্ৰ ছাত্ৰী সকলক অতি সাহসেৰে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আহ্বান জনায়। নিচাযুক্ত দ্ৰব্য গুটখা,পাণ মচলা আদি সেৱনৰ পৰা ছাত্ৰ ছাত্ৰী সকলক আতৰি থাকিবলৈ অনুৰোধ জনাই অভিনেত্ৰী গৰাকীয়ে চৰকাৰক গুটখা,পাণ মচলা আদি নিষিদ্ধ হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে। বিশিষ্ট কেন্সাৰ বিশেষজ্ঞ ডা০ গৌৰৱ দাস আৰু কেন্সাৰ ৰোগৰ লগত যুঁজ কৰি সুস্থ হৈ উঠা কুঞ্জলতা মেধিক প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা সভাত সম্বৰ্দ্ধনা জনোৱা হয়।মৰিগাঁও জিলাৰ পৰা পেলিয়েটিভ কেয়াৰ'ৰ ৰাজ্যিক প্ৰশিক্ষণ গ্ৰহণ কৰা স্বেচ্ছা সেৱক ড০ শাৰদী চৌধুৰীয়ে তেঁওৰ অনুভব বিষয়ে সভাৰ আৰম্ভণিতে বক্তব্য ৰখাৰ সভাখনৰ শেষত মৰিগাঁও মহাবিদ্যালয়ত কেন্সাৰ আৰু পেলিয়েটিভ কেয়াৰ'ৰ এটা স্থায়ী সহায়ক শাখা খোলা কথা ঘোষণা কৰে মহাবিদ্যালয় খনৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক পৰাগ জ্যোতিমহন্তই।সভাত শলাগৰ শৰাই আগবঢ়াই ড০ জয়শ্ৰী নাথে।
- Log in to post comments
- 22 views