অভিশপ্ত ৩০অক্টোবৰত নিহতৰ সোঁৱৰণত আছুৰ বন্তি প্ৰজ্বলন: সন্ত্ৰাসবাদক উৎখাতৰ দাবী আছু কেন্দ্ৰীয় নেতৃত্বৰ

A

নিউজ ডেস্ক:

বিগত বছৰ সমূহৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ২০০৮চনৰ ৩০অক্টোবৰৰ ৰাজ্য কপোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় লতাশিল খেলপথাৰত।আছু কেন্দ্ৰীয় নেতৃত্বই নিহতৰ আত্মাৰ সৎগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে লতাশিল খেল পথাৰত।৩০অক্টোবৰ অসমবাসীৰ বাবে ক'লা দিন।ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতৰ আত্মীয় পৰিয়ালক সংস্থাপন প্ৰদান কৰা লগতে বৰ্বৰ কাণ্ড সংঘটিত কৰি নিৰীহ জীৱন কাঢ়ি নিয়াসকলক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী জনায় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

অসমবাসীয়ে সন্ত্ৰাসবাদক কোনো কাৰণত প্ৰশ্ৰয় নিদিয়ে।বিস্ফোৰণ সংঘটিত হোৱাৰ  ১৩বছৰ উকলি যোৱাৰ পিছত দোষীয়ে শাস্তি নোপোৱাটো পৰিতাপৰ কথা।সন্ত্ৰাসবাদক পুলিয়ে-পোখাই উৎখাতৰো চৰকাৰক দাবী জনায় বৰুৱাই।
 
বিভিন্ন মহাবিদ্যালয়-বিদ্যালয়ৰ আছু কর্মীয়ে বন্তি প্ৰজ্বলন কৰি  শ্ৰদ্ধাঞ্জলি জনাই নিহত সকলক।বন্তি প্ৰজ্বলন কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-অসমবাসীয়ে  আজিৰ দিনটো পাহৰিব নোৱাৰে। সন্ত্ৰাসবাদক পুলিয়ে পোখাই উৎখাত কৰিব লাগে।বিস্ফোৰণত জড়িত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ সক্ষম নহল।এয়া চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা ।
চৰকাৰে কিমান দিনৰ ভিতৰত  বিষ্ফোৰণত জড়িতক শাস্তি প্ৰদান কৰিব অসমবাসীক জনাব লাগে বুলি উল্লেখ কৰি ভট্টাচাৰ্য্য কয়- বিস্ফোৰণত নিহত পৰিয়ালক আৰু আহত উন্নত চিকিৎসাৰ লগতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।কিমান দিনৰ ভিতৰত কৰিব সেয়াও জনাব লাগে।

হেৰুৱা জনে বুজি পায় মৰ্মবেদনা।অসমবাসীয়ে বুজিছে সন্ত্ৰাসবাদে অসমৰ সমাজত কিদৰে আক্রান্ত কৰিছে- ভট্টাচাৰ্য্যই লগতে কয়।

উল্লেখ্য যে বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ প্ৰমুখ্যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্ব-কর্মী।

Your Comments