গুৱাহাটীত আন্তৰ্জাতিক জ্যোতিষ অধিবেশনৰ আয়োজন

aa

বৈদিক এষ্টল'জিকেল ৰিচাজ ছ'চাইটি আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ অৰিয়েনতটেল হেৰিটেজৰ পৰিচালনাত অহা ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰ শুক্ৰবাৰ পৰা দেওবাৰলৈ তিনিদিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটী জিলা পুথিভঁৰালৰ সভা কক্ষত সৰ্বভাৰতীয় বৈদিক জ্যোৰ্তিষ সন্মিলনৰ দ্বিতীয় বাষিক অধিবেশন অনুষ্ঠিত হ'ব । ভাৰত, শ্ৰীলংকা, বাংলাদেশ, ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা এই সন্মিলনত ২৮ ছেপ্টেম্বৰৰ দিনা গুৱাহাটী শুক্লেশ্বৰ মন্দিৰৰ প্রাংগনত দিনৰ ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ বিশ্বশান্তিৰ বাবে "মহা বিষ্ণু যজ্ঞ" আৰু "মহা নৱগ্ৰহ যজ্ঞ" অনুষ্ঠিত হ'ব ।

সন্ধিয়া ৫ বজাৰ কামাখ্যা ধামত "মহাশক্তি যজ্ঞ" আয়োজন কৰিছে । ২৯ আৰু ৩০ তাৰিখে জিলা পুথি ভঁৰাল সভা কক্ষত অনুষ্ঠিত হ'ব সৰ্বভাৰতীয় বৈদিক জ্যোৰ্তিষ সন্মিলনৰ সভা । এই সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । এই সভাত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষ বিভিন্ন অঞ্চলৰ লব্ধ বৈদিক পণ্ডিত, ধৰ্ম গুৰু, বিভিন্ন শিক্ষানুষ্ঠানৰ উপাচাৰ্য আৰু জ্যোৰ্তিষ পণ্ডিতসকল উপস্থিত থাকিব । এই সন্মিলনত সংস্কৃত সাহিত্য, কাব্য, বেদ, পুৰাণ, জ্যোৰ্তিষ, তন্ত্ৰশাস্ত্ৰ, হস্ত্ৰৰেখা আদি বিষয়ে আলোকপাত কৰা হ'ব ।

ইয়াৰ উপৰি এই সন্মিলনৰ দ্বিতীয় দিনা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী প্ৰমুখ্যে বহুত গণ্য মান্য ব্যক্তি । এই সংবাদ মেলৰ জৰিয়তে আয়োজক মণ্ডলীয়ে দেশ-প্ৰদেশৰ ভিন্ন প্ৰান্তৰ লোকক সভালৈ নিমন্ত্ৰণ জনাইছে ।

Your Comments