মূল্যবৃদ্ধিৰ প্ৰতিবাদত নলবাৰীত অসম জাতীয় পৰিষদৰ গণ বিক্ষোভ

A

নিউজ ডেস্ক:

মূল্যবৃদ্ধি সম্প্ৰতি এক জলন্ত সমস্যা । প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ'ল,ডিজেল আদি ইন্ধন জাতীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে যেন এক নীৰৱ ভূমিকাহে লৈছে তেনে প্ৰতিফলিত হয় ।সেয়ে চৰকাৰৰ কথা আৰু কামত ক্ষোভ প্ৰকাশ কৰি তথা ৰাজ্য বাসীৰ হৈ আজি সমগ্ৰ ৰাজ্যৰ সদৰ ঠাইৰ লগতে নলবাৰী চহৰৰো ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত  অসম জাতীয় পৰিষদ,নলবাৰী সমিতিয়ে গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীৰ পৰা অসম জাতীয় পৰিষদ নলবাৰী সমিতিৰ সভাপতি নগেন ডেকাই অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী উখাপন কৰে ।অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে।

Your Comments