নিউজ ডেস্ক:
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আজি বনভাগ মহাবিদ্যালয়ত আছু গোটৰ অধিৱেশন অনুষ্ঠিত হয়।
বিষয় বাছনি সভাত বনভাগ মহাবিদ্যালয়ৰ আছু গোটৰ সমিতিখন গঠন কৰা হয়। তৃষ্ণা দাসক সভাপতি হিচাপে আৰু সমিৰণ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে প্ৰায় ৭১ জনীয়া এখন পুৰ্ণাংগ সমিতি গঠন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলী, উপদেষ্টা নিকুঞ্জ শৰ্মা, সাহিত্য সম্পাদক আৰ্জু আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ইমৰান হুছেইনৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া।সভাত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বনভাগ মহাবিদ্যালয় আছু গোটৰ সহযোগত অহা ৫ নৱেম্বৰত ভুপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বুলি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘোষণা কৰে।
- Log in to post comments
- 8 views