সোণাই-ৰূপাই অভয়াৰণ্যত ভূমি পট্টা প্ৰদানৰ বিৰোধিতা সুৰক্ষা সমিতিৰ

aaa

শোণিতপুৰ জিলাৰ সোনাই-ৰূপাই অভয়াৰণ্য বনাঞ্চলত যোৱা তিনিটা দশক ধৰি বে-আইনীভাবে চলি থকা বেদখল কাৰ্যক বিৰোধিতা আৰু সেই বেদখলকাৰীসকলক বৰ্তমান চৰকাৰখনে ভূমি পট্টা দিবলৈ গ্ৰহণ কৰা নীতিক বিৰোধিতা কৰি আজি অৰণ্য সুৰক্ষা সমিতি অসমে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে । গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এই আলোচনা চক্ৰত "অৰণ্য সুৰক্ষা সমিতি অসম"ৰ প্ৰধান সচিব ডঃ হৰিচৰণ দাস প্ৰমুখ্যে বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

আলোচনা চক্ৰ অনুষ্ঠিত কৰি অৰণ্য সুৰক্ষা সমিতি, অসমৰ দাবী বনাঞ্চল বেদখলৰ দিশত অসমেই ভাৰতবৰ্ষৰ মাটিকালি অনুপাতৰ দিশৰ পৰা প্ৰথম ৰাজ্য য'ত ৭৮,৪৩৮ বৰ্গ কিঃমিঃৰ এলেকাৰ মাটিকালি ভিতৰত ৩,১৭,২১৫.৩৯ হেক্টৰ মাটি বনভূমিত আজি তাৰিখত বেদখল হৈছে । এই বেদখলকাৰীসকলক সুৰক্ষাৰ প্ৰদান কৰিছে আমাৰ চৰকাৰী ব্যৱস্থাই এই মন্তব্য অৰণ্য সুৰক্ষা সমিতি অসমৰ । তেওঁলোকৰ দাবী এই সোনাই-ৰূপাই অভয়াৰণ্য যিসকল লোকে ভূমি বেদখল কৰি আছে তেওঁলোকক কোনো কাৰণতে ভূমি পট্টা প্ৰদান কৰিব নালাগে ।

কাৰণ তেওঁলোকক ভূমি পট্টা দিলে অদূৰ ভৱিষ্যতে অভয়াৰণ্যখনৰ বাকী থকা এলেকাসমূহতো বেদখলকাৰীয়ে ভৰি পৰিব আৰু বনাঞ্চলখনৰ জৈৱ-বৈচিত্ৰ্য ধ্বংস হ'ব বুলিও সকীয়াই দিয়ে । এই আলোচনা চক্ৰতে তেওঁলোকৰ স্পষ্ট কথা ছাৰ ছাদুল্লা চৰকাৰৰ দিনৰে পৰা অসমত বন বেদখল কাৰ্য চলি আছে চৰকাৰী পৃষ্ঠপোষকতাত ফলস্বৰূপে অসমত প্ৰাকৃতিক ভাৰসাম্য আজি তাৰিখত ধ্বংস হৈ গৈছে । ফলত অসমত এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰিমাণ বৃদ্ধি পাইছে । আগতে অসমৰ মাটিত পলস পৰিছিল এতিয়া বানপানী হ'লে বালি পৰে পাৰ্থক্যটোও তাতেই বুলিও মন্তব্য কৰে ।

লগতে তেওঁলোকে এইবুলিও কয় যে অসমত প্ৰাকৃতিক দুৰ্যোগসমূহ নিৰ্মূল কৰিবৰ বাবে চৰকাৰে এই বনাঞ্চল ধ্বংস ৰোধ কৰিব পৰিবই লাগিব বুলি দাবী কৰে । বনাঞ্চল ধ্বংস ফলস্বৰূপে অসমত এই বর্ষত বৰষুণৰ পৰিমাণ প্ৰায় ২৩ শতাংশ কমি আহিছে বুলিও কয় । ইফাল এই অনুষ্ঠানতে অৰণ্য সুৰক্ষা সমিতি অসমৰ বিৰুদ্ধে অসম ট্ৰাইবেল সংঘই তেজপুৰত সংবাদ মেল পাতি কেন্দ্ৰৰ পৰা কোটি কোটি টকা আনি আত্মসাত কৰা বুলি আজি কিছুদিনৰ আগতে অভিযোগ উত্থাপন কৰিছিল ৷ আজি সেই অভিযোগ সম্পূৰ্ণ মিছা বুলিও দাবী কৰে অৰণ্য সুৰক্ষা সমিতি অসমে ।

তেওঁ লোকে কয় যে অসম ট্ৰাইবেল সংঘই আমাৰ বিৰুদ্ধে যি কেন্দ্ৰৰ পৰা টকা আনি আত্মসাৎ কৰা বুলি অভিযোগ আনিছে সেইয়া সম্পূৰ্ণ মিছা আৰু হাস্যকৰ । কাৰণ আমি কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰকল্পৰ ধন লোৱাটো দূৰৰে কথা, পাবৰ বাবে আবেদনো কৰা নাই বুলি জানিবলৈ দিয়ে । তেনে সময়ত ধন আত্মসাৎ কৰাৰ কথা আহিবই নোৱাৰে বুলিও স্পষ্ট কৈ জানিবলৈ দিয়ে ।

Your Comments