গংগোত্ৰী কাশ্যপ:
'হলৌ উঠিল টকৌ গছত
লগাই খদৌ মদৌ'
সৰুতে পঢ়া সেই কবিতাটিৰ হলৌ বান্দৰ এতিয়া বিলুপ্ত প্ৰায় অৱস্হাত ।
হলৌ বান্দৰৰ ইংৰাজী প্ৰতিশব্দ Hoolock Gibbon ---- গিবন পৰিয়ালৰ অন্তৰ্গত এবিধ বান্দৰৰ প্ৰজাতি ।বান্দৰৰ শেহতীয়া শ্ৰেণীবিভাজনত ইয়াক Hylobates গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে । বান্দৰৰ এই প্ৰজাতিটোক সাধাৰণতে পশ্চিম দেশীয় হলৌ বান্দৰ আৰু পূব দেশীয় হলৌ বান্দৰ নামেৰে দুটা প্ৰজাতিত ভাগ কৰা হৈছে ।হলৌ বান্দৰৰ মতা মাইকী উভয়ৰে আকাৰ প্ৰায় একে যদিও মতা বোৰৰ গাৰ ৰং ক'লা আৰু মাইকীবোৰৰ কিছু মটীয়া ধৰণৰ হয় ।
উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিবাং নদীৰ পূব পাৰে ইয়াৰ বসতিস্হান বুলি জনা যায়।হলৌৱে কেতিয়াবাহে মাটিৰে খোজ কাঢ়ে । ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ ইণ্ডিয়াই হলৌ বান্দৰৰ বৈশিষ্ট লিপিবদ্ধ কৰি কৈছে যে "দীঘল আৰু ক্ষীণ হাত থকা হলৌ বান্দৰ এবিধ বেগৱান প্ৰাণী ।গছত দোলা দি সঞ্চালনৰ উদ্দেশ্যে এজোপা গছৰ পৰা আন এজোপালৈ যোৱা কাৰ্যক brachiation বুলি কোৱা হয় । দোলা দি ঘণ্টাত ৫৫ কিমি বেগেৰে ৬ মিটাৰ পৰ্যন্ত ইহঁতে সঞ্চাৰণ কৰিব পাৰে !"
সমগ্ৰ বিশ্বতে ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়। তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত দেখা পোৱা যায়।
পৰিতাপৰ বিষয় এই যে বৰ্তমান পৃথিৱীৰ পৰাই বিলুপ্ত হবলৈ ধৰিছে হলৌ বান্দৰ । এক তথ্য মতে ২০১৯ চনৰ ডিচেম্বৰ মাহত চানডুবিত সন্ধান পোৱা গৈছিল হলৌ বান্দৰৰ ।চানডুবি উৎসৱ সমিতি আৰু গোৱালপাৰা ফটোগ্ৰাফী চ'ছাইটিৰ চলোৱা এক অভিযানত হলৌ বান্দৰৰ ফটো লাভ কৰিবলৈ সক্ষম হৈছিল। অলপতে
অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী এই হলৌ বান্দৰৰ সংৰক্ষণ শীৰ্ষক এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° নাৰায়ণ শৰ্মাই মন্তব্য কৰি কৈছিল যে ' হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে কেন'পী ব্যৱহাৰ কৰিব লাগে ।
ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ১ নং সূচীত হলৌ বান্দৰক তালিকাভূক্ত কৰা হৈছে যদিও পশ্চিম-দেশীয় হলৌ বান্দৰৰ সংখ্যা হ্ৰাস পোৱা সম্পৰ্কে আই ইউ চি এনৰ ৰঙা তালিকাত ভালেমান কাৰণ চিহ্নিত কৰা হৈছে। সেইবোৰৰ ভিতৰত অৰণ্যভূমি আবাসিক আৰু বাণিজ্যিক কাৰণত ব্যৱহাৰ, বৃক্ষৰ পৰিৱৰ্তে চাহ বাগিছা আদি খোলা, খনন আৰু শিল কুৱেৰী তথা কাঠৰ বাবে গছ কটা আদি উল্লেখনীয় কাৰণ।
সাধাৰণতে ফলমূল খাই জীয়াই থকা এই প্ৰাণীবিধে এতিয়া যথেষ্ট খাদ্য সংকটত ভুগিছে ।
চলিত বৰ্ষত ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ’কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এখন আলোচনাচক্ৰত বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় যে, "হলৌ বান্দৰ সংৰক্ষণৰ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন’পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰ’পৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰা হৈছে।
আজি ২৪ অক্টোবৰ।বিশ্ব হলৌ দিৱস । ২০১৫চনত পোন প্ৰথমবাৰৰ বাবে প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘৰ( IUCN)ৰ উদ্যোগত ইংলেণ্ডৰ লাইচেষ্টাৰত অনুষ্ঠিত কৰা হৈছিল "বিশ্ব হলৌ দিৱস" । মই ইয়াকেই ক'ব বিচাৰো যে এটা প্ৰজাতি শেষ হৈ যোৱাৰ আগতেই যদি আমি সকলোৱে তাক সংৰক্ষণৰ ব্যৱস্হা গ্ৰহণ কৰো তেন্তে নিশ্চয়কৈ ই জৈৱবৈচিত্ৰক ধৰি ৰাখিব ।চৰকাৰ , বন বিভাগ তথা প্ৰকৃতিপ্ৰেমী সংস্হাসমূহলৈ মোৰ অনুৰোধ এয়াই যে 'আমাৰ অসমখনত ইমান বোৰ প্ৰাকৃতিক সম্পদ আছে । সুপৰিকল্পিতভাবে আমি সকলোৱেই যদি সেই সমূহ সংৰক্ষণত গুৰুত্ব দিওঁ তেন্তে এহাতে আমাৰ জৈৱ বৈচিত্ৰ্যৰো সঠিক সংৰক্ষণ হ'ব আনহাতে অসমে পৰ্যটনৰ ক্ষেত্ৰতো বহু আগুৱাই যাব । হলৌ বান্দৰে বিদেশী পৰ্যটককো যুগে যুগে যথেষ্ট আকৰ্ষিত কৰি আহিছে ।যদি এই প্ৰাণীবিধক সঠিকভাৱে সংৰক্ষিত কৰি ৰাখিব পৰা যায় তেন্তে অসম পৰ্যটনে বিশ্ব মানচিত্ৰত নিজৰ স্থিতি আৰু অধিক মজবুত কৰি তুলিব পাৰিব।
- Log in to post comments
- 78 views