মৰিগাওঁ জিলাৰ লেলাবৰি উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণৰ শুভাৰম্ভ অনুষ্ঠান

A

নিউজ ডেস্ক:
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত যাতে ছাত্ৰ-ছাত্ৰী সকলে সমস্যাৰ সন্মুখীন হ'ব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যৰ একাংশ হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা সিদ্ধান্ত অনুসৰি মৰিগাঁও জিলাটো ১০ খনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থী সকলৰ শিক্ষা গ্ৰহনত যে যথেষ্ট পৰিমানে সহায়ক হৈ পৰিব সেইয়া নিশ্চিত। ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ হোৱা জিলাখনৰ একেবাৰে ভিতৰুৱা অঞ্চল লেলাবৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন ৰাজহুৱা সভাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হোৱা শুভাৰম্ভ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তিলক নাথৰ সভাপতিত্ব আৰু বিদ্যালয় খনৰ অধ্যক্ষ পদ্মকান্ত নাথে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে মৰিগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। বিদ্যালয় খনৰ পৰিদৰ্শক গৰাকীয়ে ভাষনত শিক্ষাৰ ক্ষেত্ৰত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি বিদ্যালয় খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহনত যথেষ্ট পৰিমানে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।বিদ্যালয় খনৰ সহকাৰী শিক্ষক পুতুল কুমাৰ নাথে আঁত ধৰা সভাখনত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মূৰব্বী অধ্যাপক ড° হেমন্ত কুমাৰ নাথ,তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈ,মৰিগাওঁ জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল চন্দ্ৰ নাথকে আদি অঞ্চলটোৰ ভালে কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সভাৰ পূৰ্বে বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী হৰি দাস নাথে।

Your Comments