নিউজ ডেস্ক:
অসমীয়া ভাষাত ক'লা ৰং সানি অপমান কৰা বঙালী সংগঠনৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্রাম সমিতি।বঙালী ডেমক্ৰেটিক য়ুথ ফ্ৰণ্ট নামৰ অসমীয়া ভাষা বিৰোধী সংগঠনটোৰ নেতৃত্বক গ্ৰেপ্তাৰৰ দাবী সংগঠনটো।
অসমীয়া ভাষাক অপমান কৰা কাণ্ডক গৰিহণা দি কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়- চৰকাৰে সংগঠনটোৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক।যাতে কোনো কালে এনেধৰণৰ কাম কৰিবলৈ সাহস নকৰে।
অসম চৰকাৰৰ বিজ্ঞাপনত ক'লা ৰং লগোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে তথা গৃহবিভাগ নীৰৱে বহি আছে।মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্ব আছিল নিজাকৈ গোচৰ ৰুজু কৰি অসমীয়া ভাষা বিৰোধী দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা।কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰি উদাৰতা প্ৰদৰ্শন কৰিছে- শইকীয়াই কয়।
- Log in to post comments
- 13 views