নিউজ ডেস্ক:
অসমীয়া ভাষাত ক'লা ৰং লগাই অসমীয়া ভাষাক অপমান কৰা বঙালী সংগঠনৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা।অসম মুলুকত অসমীয়া ভাষাক কৰা অপমান কোনো কাৰণত মানি লোৱা নহ'ব।কি কাৰণত অসমীয়া ভাষাত ক'লা ৰং সানিলে তাৰ উত্তৰ বিচাৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।অসমীয়া ভাষা আইনৰ দোহাই দি অসমত অসমীয়া ভাষাক অপমান কৰিব সেইয়া কোনো অসমীয়াই মানিব নোৱাৰে।অসমীয়া আৰু বঙালীৰ মাজত সংঘাত সৃষ্টি কৰাৰ বাবে একাংশ সংগঠনে এনে কাৰ্য কৰে।প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিজনে পূৰ্বতে এনেধৰণৰ কাম কৰিছে।পুনৰ তেওঁৰ নেতৃত্বত থকা বঙালী সংগঠনে অসমীয়া ভাষাত ক'লা ৰং লগোৱা কাম কৰিছে- বৰুৱাই কয় ।
অসমীয়া ভাষাত ক'লা ৰং লগোৱা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায়।অন্যথা অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি হ'ব- শংকৰে কয়।
আছুৱে বিৰোধিতা কৰি অহা কা' আইন কাৰ্যকৰী হলে অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ'ব যে সেই কথা স্পষ্ট হৈছে।এনেধৰণৰ কাৰ্যসমূহ একো-একোটা উদাহৰণ ।কা'য়ে অসমত সংস্থাপিত কৰিব লগা বঙালীয়ে কোনো পৰিস্থিতিত অসমীয়া ভাষা নকয়-আশংকা প্ৰকাশ কৰি শংকৰে কয়।
আনহাতে সমগ্ৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰি আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- অসমত অসমীয়া ভাষাক অপমান সহ্য নকৰো।অসমীয়া ভাষাৰ মৰ্য্যদা সুৰক্ষিত কৰাত চৰকাৰে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
অসমত অসমীয়া ভাষাৰ মৰ্য্যদা, সুৰক্ষাৰ দায়িত্ব অসম চৰকাৰৰ।অসমীয়া ভাষত ক'লা ৰং সানিছে, চৰকাৰে ব্যৱস্থা নলব তেনে হ'ব নোৱাৰিব- ভট্টাচাৰ্যই কয়।
উল্লেখ্য যে বৰাক ডেমক্ৰেটিক গ্ৰুথ ফ্ৰণ্ট নামৰ বঙালী সংগঠনটোৱে চৰকাৰৰ জল-জীৱন আঁচনিৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ ওপৰত ক'লা ৰং লগাই অসমত ভাষা নিপাত যাওঁক আদিৰ দৰে মন্তব্য প্ৰকাশ কৰিছিল।
- Log in to post comments
- 65 views