নিউজ ডেস্ক:
'বৰাকত অসমীয়া ভাষাত ক'লা ৰং লগোৱাটো নাগৰিকত্ব সংশোধনী আইন, কা'ৰ ভয়াৱহ উদাহৰণ।অসমীয়া ভাষাৰ ওপৰত ভয়াৱহ আক্ৰমণ সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ পাছতে আশংকা কৰিছিলোঁ'- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।
অসমত ৰাজ্য ভাষা আইন আছে।আইন অনুসৰি অসমীয়া ভাষাক অপমানৰ জাতি-জনগোষ্ঠী কাৰো অধিকাৰ নাই।আধিপত্যবাদী চিন্তাৰে বিভাজনৰ ৰাজনীতি কৰিব খোজা শক্তিসমূহে অসমীয়া ভাষাক অপমানেৰে নিঃশেষ কৰিব খোজা ষড়যন্ত্ৰত উঠি পৰি লগা বুলি উল্লেখ কৰি গগৈয়ে কয়- 'যি অনুষ্ঠান-ব্যক্তি তথা সংগঠনে এই ধৰণৰ ভাষা বিৰোধী কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে অসম চৰকাৰে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।অন্যথা ৰাজ্যৰ- আন অঞ্চললৈ এনেধৰণৰ ভাষা বিৰোধী বিষবাষ্প বিয়পি পৰিব'।
মুখ্যমন্ত্ৰীৰ বৰাক উপত্যকা ভ্ৰমণৰ পাছতে এই ঘটনা সংঘটিত হৈছে।অসমত অসমীয়া ভাষা, জাতি- জনগোষ্ঠীৰ ভাষাক সুৰক্ষা আৰু সন্মান কৰাটো অসম চৰকাৰৰ দায়িত্ব।
'বিভাজনকামী শক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটোৱে মুখ্যমন্ত্ৰীৰ প্ৰধান দায়িত্ব।কা' জাপি দিয়াত উৎসাহিত হৈ একাংশ শক্তিয়ে এই সমূহ কাম-কাজ কৰিছে।কোনো কাৰণত অসমত কা' কাৰ্যকৰী হ'ব নোৱাৰিব।কা' বাতিল হ'বই লাগিব' - লুৰীনে কয়।
অসমত অসমীয়া সংস্কৃতি-ভাষাৰ ওপৰত আক্ৰমণ বন্ধ হ'ব লাগিব।অসমক কোনো কাৰণত ত্ৰিপুৰা- কাশ্মীৰ হবলৈ এৰি দিয়া নহ'ব।ভাষা আইন অনুসৰি চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনায় গগৈয়ে।
বৰাকত অসমীয়া ভাষা বন্ধ কৰিব বিচৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি এজেপিৰ সভাপতি গৰাকীয়ে কয়- 'ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষাৰ বিদ্যালয় আছে।সেই সমূহ বন্ধ কৰিবলৈ কোনেও কোৱা নাই বা আক্ৰমণ কৰা নাই।অসমীয়া ভাষা বিৰোধী দুষ্কৃতিকাৰীয়ে জনা উচিত এইখন অসমত হেমাংগ বিশ্বাস, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰ্যাদা যিমান পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰো মৰ্যদা সিমানেই'।
- Log in to post comments
- 18 views