নিউজ ডেস্ক:
'অসমীয়া বাপতিসাহোন কাতি বিহুৰ দিনটোত অসমত অৱহেলিত আৰু অপমানিত অসমীয়া ভাষা।জাতিৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক কথা একো নাই'- এই মন্তৱ্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।বৰাকত একাংশ অসম আৰু অসমীয়া বিৰোধী বঙালী সংগঠনে অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ক'লা ৰং সানি অসমীয়া ভাষাক কৰা অপমানৰ বিৰুদ্ধে সোচ্চাৰ হৈ সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয়-'একাংশ বঙালী দল সংগঠন তথা ব্যক্তিয়ে বিশেষ ডিজাইন কৰি কৰি অসমীয়া সমানে বঙালীৰ সমতা স্থাপন কৰিব বিচাৰিছে।অসমীয়া ভাষাৰ সমান্তৰালকৈ বঙালী ভাষাত ক্ষমতা স্থাপন কৰি আগবাঢ়ি যাব খোজে।যাৰ ফলত হ্ৰাস পাইছে অসমীয়া সংখ্যা'।
চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ হোৱা অসমীয়াৰ ভাষাত ক'লা ৰং লগাই অসমীয়া ভাষাক বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগিছিল কিন্তু কৰা নাই।এইটোৱে জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা - চাংমাই কয়।
বিজেপি, কংগ্ৰেছৰ পৰা আৰম্ভ কৰি প্ৰতিটো দলকে এইসকলৰ ভোটৰ প্ৰয়োজন, ফলত শাসন-বিৰোধীৰ উভয়ে ভাষা বিৰোধীৰ কাণ্ডক লৈ আজি নিমাত বুলি উল্লেখ কৰি চাংমাই লগতে কয়- 'ব্ৰহ্মপুত্ৰ উপত্যকাটো অসমীয়া ভাষা যিদৰে প্ৰয়োগ হ'ব লাগিছিল সেইদৰে হৈ উঠা নাই'।
ৰাজ্য চৰকাৰক আহ্বান জনাই কয়-চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলক সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰত বাধ্যতামূলক কৰিব লাগে।১০০ শতাংশ অসমীয়া ভাষাৰ প্রয়োগ চৰকাৰী কাৰ্যালয়ত কৰিব লাগে।লগতে বিদ্যালয়-মহাবিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনায়।
- Log in to post comments
- 23 views