মাজুলীৰ যাতায়ত ব্যৱস্থা সন্দৰ্ভত সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ মতামত

A



নিউজ ডেস্ক:
8 ছেপ্টেম্বৰত নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ পিছতেই চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল যে, অনাগত 4 টা বছৰত পূৰ্বতেই ঘোষণা হোৱা যোৰহাট-মাজুলী সংযোগী এই বিশেষ দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব ৷ পিছে ইমানতে অন্ত পৰা নাই মাজুলীবাসীৰ সমস্যা৷ এতিয়াও বহু লোকে নাৱেৰে ইপাৰ-সিপাৰ হ’বলৈ ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হৈছে ৷ বৰ্তমানেও সুচল হোৱা নাই মাজুলীৰ যাতায়ত ব্যৱস্হা । মাজুলীলৈ যোৱা মালবাহী নাও বন্ধ হোৱাত সম্প্ৰতি খাদ্য সংকটতো ভুগিছে মাজুলীবাসী । "আগন্তুক শাৰদীয় ৰাস পালনামৰ পূৰ্বে মাজুলীৰ ফেৰী সেৱাৰ সমস্যা সামাধান আৰু যাতায়ত ব্যৱস্হা সুচল কৰিবলৈ "বিশেষভাৱে অনুৰোধ জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ।
তেওঁ সংবাদমেল যোগে দাবী কৰে যে , "প্ৰতি ঘন্টাৰ মূৰে মূৰে এখনকৈ জাহাজ চলোৱাৰ লগতে অতিৰিক্ত ৬ খন জাহাজ কমলাবাৰী ঘাটত আৰু অফলামুখ ঘাটত ৪ খন নাও তাৎক্ষণিকভাবে প্ৰদান কৰিব লাগে "। লগতে তেওঁ চিংগল ইঞ্জিনৰ যাত্ৰীবাহী ফেৰী চলোৱাৰো বিৰোধিতা কৰে । 

Your Comments