ফিল’বাৰী কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

A

নিউজ ডেস্ক:
তিনিচুকীয়াৰ ফিল’বাৰীত এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ ক্ষমা খোজাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
উল্লেখ্য যে ফিল’বাৰীত এগৰাকী শিক্ষয়িত্ৰীয়ে আঁঠু কাঢ়ি ছাত্ৰ-ছাত্ৰীৰ সমুখত ক্ষমা খোজা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে  সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি শনিবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ,"ভৱিষ্যতে যাতে এনে ঘটনা নহয়, তাৰ বাবে সকলোকে লক্ষ্য ৰাখিবলৈ আহ্বান জনায় । শিক্ষক, ছাত্ৰ আৰু অভিভাৱক এই তিনি শক্তি একলগ হ'লেহে সুন্দৰ সমাজ নিৰ্মাণ কৰি নতুন প্ৰজন্মক শৈক্ষিক দিশত আগুৱাই নিয়াটো সম্ভৱ হ'ব" ।

Your Comments