শিল্পী বিপিন চাউদাঙৰ " ফিছাৰী পাৰ্ক" পৰিদৰ্শন মন্ত্ৰী বিমল বৰা-যোগেন মহনৰ

A


B

নিউজ ডেস্ক :
'পথাৰ আমাৰ ,বজাৰ আমাৰ' এই মন্ত্ৰকে আগত ৰাখি কন্ঠশিল্পী বিপিন চাউদাং এইবাৰ জড়িত হৈ পৰিছে কৃৰ্ষিকৰ্মত । ক’ভিডে বিপৰ্যস্ত কৰি তোলাৰ সময়তে বাৰ বিঘা মাটিত পুখুৰী খান্দি মৎস্য পালন কৰাৰ লগতে হাঁহ-কুকুৰা, নেমু, তামোল-পাণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ শনিবাৰে তেওঁৰ ফিচাৰী পাৰ্ক ত উপস্থিত হয় মন্ত্ৰী বিমল বৰাআৰু যোগেন মহন৷
উল্লেখ্য যে চৰাইদেউ জিলাৰ উন্নয়নৰ বাবে তৎপৰ হৈছে  জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰা। অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙৰ ফিচাৰি পাৰ্কত বিমল বৰা, মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনিতা পেগু, আৰক্ষী অধীক্ষক, কৃষি, মীন বিভাগ, জলসিঞ্চন আদি সকলো চৰকাৰী বিভাগৰ বিষয়াসকলৰ উপস্থিতিত পৰ্যালোচনা সভা এখনৰ আয়োজন কৰা হয়। চৰকাৰী সকলো আঁচনি কেনেকৈ ৰাইজে সুবিধা লাভ কৰিব পাৰিব সেই বিষয়ে চৰকাৰী বিষয়াসকলৰ লগত ৰাইজৰ মত বিনিময় কৰোৱাই কেবিনেট মন্ত্ৰী দুজনে। বিজেপি চৰকাৰৰ এই পাঁচ বছৰত চৰাইদেউৰ সকলো সমস্যা সমাধান হৈ উঠিব বুলিও কয় চৰাইদেউৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই।


 

Your Comments