কলিয়াবৰৰ পাঁচগৰাকী কন্যাৰ প্ৰশংসনীয় পদক্ষেপ

A

 

 

 

 

B

নিউজ ডেস্ক:

সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াই মানৱ ধৰ্ম পালন কৰা প্ৰতি গৰাকী ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। এনে এক দায়িত্ব আৰু কৰ্তব্যৰ নিদৰ্শন দাঙি ধৰিলে কলিয়াবৰৰ পাঁচগৰাকী শিক্ষিত যুৱতী ক্ৰমে ৰিমঝিম বৰষা মহন্ত(শ্ৰৱণী সত্ৰ) ,প্ৰিয়ম্বদা কাশ্যপ (সুন্দৰ গাঁও) অনন্যা মহন্ত (শ্ৰৱণী সত্ৰ), ৰূপালী জোনাক মহন্ত (শ্ৰৱণী সত্ৰ) ,সুবাসনা মহন্ত (শ্ৰৱণী সত্ৰ)ই। কৰ্মৰ মাজেদি নিজে উপকৃত হোৱাৰ লগতে আনকো উপকৃত কৰাৰ মনোভাৱেৰে এইবাৰ দূৰ্গা পূজাত কলিয়াবৰৰ হাটবৰত পাঁচগৰাকী যুৱতীয়ে মহান উদ্দেশ্যৰে 'পঞ্চকন্যা' নামেৰে এখন ফাষ্টফুডৰ দোকান দিয়ে।  বৰ্তমান জটিলল ৰোগত আক্ৰান্ত হৈ থকা লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ চিকিৎসাৰ বাবে লাগে যথেষ্ট অৰ্থ। এই লৈ শৰ্মিষ্ঠা প্ৰীতমে সামাজিক মাধ্যমত চিকিৎসাৰ সাহাৰ্যৰ বাবে ৰাইজলৈ আগবঢ়োৱা আহ্বানৰ প্ৰতি সহাৰি জনাই সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল পাঁচগৰাকী শিক্ষিত যুৱতী। ফাষ্টফুডৰ পৰা হোৱা লাভৰ এটা অংশ শৰ্মিষ্ঠা প্ৰীতমক দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা  পঞ্চ কন্যা ফাষ্টফুডত পাঁচোগৰাকী যুৱতীয়ে নিজ হাতে ৰন্ধা চিকেন ৰুল, বাৰ্গাৰ, পিজা, চাউমিন, মেগি আদি খায় গ্ৰাহকে অত্যন্ত তৃপ্তি পোৱাৰ লগতে তেওঁলোকৰ উদ্দেশ্যেক ভূয়সী প্ৰশংসা কৰে। বৰ্তমান সময়ত একাংশ যুৱক-যুৱতীয়ে বিপথে পৰিচালিত হোৱাৰ বিপৰীতে এই পাঁচোগৰাকী যুৱতীৰ কাৰ্যক সকলোৱে শলাগ লয়।  ইফালে ফাষ্টফুডৰ দোকানৰ পৰা হোৱা লাভৰ অংশ অনলাইন যোগে শৰ্মিষ্ঠা প্ৰীতমলৈ প্ৰেৰণ কৰে।

 

Your Comments