ডিআইজি ৰৌণক আলি হাজৰিকাৰ জামিন নাকচ, ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

A

নিউজ ডেস্ক:

আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী শাখাত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ।১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিশেষ ন্যায়াধীশ আদালতৰ।উল্লেখ্য যে ১০ দিনৰ তদাৰকী শাখাৰ জিম্মাৰ ম্যাদ অন্ত পৰাত শনিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল হাজৰিকাক ।তদন্তকাৰী বিষয়াই ৫দিন অতিৰিক্তভাৱে নিজৰ জিম্মাত বিচাৰিছিল কিন্তু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিষয়া গৰাকীক।

উল্লেখ্য যে যোৱা ৭অক্টোবৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাক ১০দিনৰ জিম্মাত দিছিল অভিযুক্ত বিষয়া গৰাকীক।জিম্মাৰ প্ৰথম নিশাই অসুস্থ হৈ পৰাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় ডিআইজি হাজৰিকাক।চিকিৎসালয়ত ভৰ্তি হোৱাত ৩দিনহে জেৰা চলাব পালে এছপি ৰজী কলিতাৰ নেতৃত্বাধীন তদন্তকাৰী দলে।ফলত অধিক তথ্য বাবে আৰু ৫দিন নিজৰ জিম্মাত বিচাৰিছিল।

ইফালে তদন্তত অভিযুক্ত হাজৰিকাই সহযোগ নকৰা বুলিও আদালতত উল্লেখ  কৰিছিল তদন্তকাৰী দলে।কিন্তু আদালতে তদন্তকাৰী বিষয়াৰ সেই আৱেদন নাকচ কৰে।

আনহাতে, বিষয়া গৰাকীৰ অধিবক্তাই জামিন বিচাৰি জনোৱা আৱেদনো আজি আদালতে নাকচ কৰে।তদন্ত প্ৰথম পৰ্যায়ত থকা বাবেই নাকচ কৰে জামিন।

আনহাতে, হাজৰিকাক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হোৱা পৰিস্থিতি অসম আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ নিৰ্দেশ আদালতৰ।

গুৰুত্বপূৰ্ণ কথা এই যে তদন্তকাৰী দলে হাজৰিকাৰ পৰা জিম্মাত লাভ নকৰিল কোনো তথ্য।

Your Comments