পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মন্ত্ৰী কেশৱ মহন্তক স্মাৰক পত্ৰ প্ৰদান অ বি বি শিক্ষক সন্থাৰ

A

নিউজ ডেস্ক:


দুৰ্গা পূজাৰ উৎসৱ মুখৰ পৰিবেশৰ মাজতে অ. বি.বি. শিক্ষক সন্থাৰ নগাঁও জিলা সমিতিয়ে অ. বি. বি. আচঁনিত নিযুক্তিপ্ৰাপ্ত প্ৰায় শতাধিক শিক্ষকে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক তেখেতৰ কলিয়াবৰস্থিত নিজা বাসভৱনত সাক্ষাৎ কৰি তেওঁ লোকৰ চাকৰিসমূহৰ ক্ষেত্ৰত পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনায় এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ যুটীয়া সম্পাদক ধৰণী তামুলীয়ে মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ সম্পৰ্কত সাংবাদিকক কয় যে, সংশ্লিষ্ট শিক্ষকসকলে বিগত 'নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা' ৰ চি. এচ. এচ. অ'. বি. বি. আচঁনিৰ অধীনত ২০০১ বৰ্ষৰ মাৰ্চ মাহত নিযুক্তি লাভ কৰিছিল।
নিযুক্তি কালৰ পৰাই শিক্ষকসকলে অসমৰ বিভিন্ন মধ্য ইংৰাজী, মজলীয়া, মাদ্ৰাছা তথা প্ৰাথমিক আৰু শেহতীয়াকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই আহিছে।
একেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তৰ্গত ইং ১৯৯৮ বৰ্ষত নিযুক্তি লাভ কৰা অ'. বি. বি. আৰু ইং ২০০১ বৰ্ষত নিযুক্তি লাভ কৰা অ'. বি. বি. শিক্ষক সকলক একেখন নিৰ্দ্দেশনা পত্ৰযোগে অসম চৰকাৰে ২০১০ বৰ্ষত নিয়মীয়াকৰণ কৰি প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছিল।
যোৱা ইং ১৮/০২/২০১৩ তাৰিখে অসম চৰকাৰৰ নিৰ্দ্দেশ নং পি. এম. এ. ১১৩/২০০৭/৩৮০ এ- ৰ জৰিয়তে অসম চৰকাৰে ইং ১৯৯৮ চনত নিযুক্তি লাভ কৰা শিক্ষকসকলক সংশোধিত প্ৰণালীৰে 'অসম সেৱা (পেঞ্চন) বিধি ১৯৬৯' - ৰ আধাৰত পেঞ্চন প্ৰদানৰ ব্যৱস্থা আগবঢ়াইছে।
অতি শেহতীয়াকৈ ২০০১ বৰ্ষত ফিক্সদ্ পে' ২৫০০/- টকাকৈ উচ্চ মাধ্যমিক বিদ্যালয় সমূহত নিযুক্তি প্ৰদান কৰা শিক্ষক সকলকো আৰম্ভণিৰে পৰা সকলো সুবিধা, বাৰ্ষিক বৃদ্ধি ২০০১ৰ পৰা সংযোজন কৰি পেঞ্চনসহ অসম চৰকাৰে নিয়মীয়াকৰণ কৰিছে।
তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। গতিক একেটা 'পঞ্চবাৰ্ষিক পৰিকল্পনা' ৰ অন্তৰ্গত নিযুক্তি লাভ কৰা তথা একেটা নিৰ্দ্দেশনাত নিয়মীয়াকৰণ হোৱা ইং ১৯৯৮ চনত নিযুক্ত অ'. বি. বি. (৪০৪০)-ৰ প্ৰতি গ্ৰহণ কৰা ব্যৱস্থাৰ দৰে একে সংশোধিত প্ৰণালীৰে আনটো অংশ অৰ্থাৎ ইং ২০০১ বৰ্ষত নিযুক্ত অ'. বি. বি. শিক্ষক সকলকো 'অসম সেৱা (পেঞ্চন) বিধি ১৯৬৯' - ৰ আধাৰত পেঞ্চন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰে । ইতিমধ্যে বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰি নতুন পেঞ্চন নীতিৰ আধাৰত মাত্ৰ ৮০০ /- টকাৰ পৰা ১২০০ /- টকাৰহে পেঞ্চন লাভ কৰি পৰিয়ালৰ ভৰণ-পোষণ দি জীয়াতু ভুগিবলগীয়া হোৱাৰ কথাও দোহাৰে। ইফালে মন্ত্ৰী গৰাকীয়ে শিক্ষক সন্থাক বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

Your Comments