ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন-- পাগলাদিয়া-ঘগ্ৰাত

নিউজ ডেস্ক:
 

আজি বিজয়া দশমী ।মহাষষ্ঠীৰ বেদীত স্হাপন কৰা দেৱীক দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন।উল্লেখযোগ্য যে চাৰিটা দিন  মহিষমৰ্দিনীৰ পূজা অৰ্চনাৰ পিছত আজি পূৱাৰে পৰা বিসৰ্জন চলিছে নলবাৰীৰ পাগলদিয়া নৈ, ঘগ্ৰাপাৰৰ ঘগ্ৰাৰ লগতে ভিন্ন প্ৰান্তত।

প্ৰতি বছৰৰ দৰে এই বেলিও নলবাৰী ৰ পাগলদিয়া নৈৰ পাৰ ঘাট সুন্দৰকৈ সজাই পৰাই তোলা হৈছে প্ৰতিমা সমূহ বিসৰ্জনৰ বাবে।
আনহাতে জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে জিলাখনত ৮৫ খনকৈ পূজাৰ অনুমতি লৈছিল।প্ৰশাসনৰ পৰা প্ৰায় সুকলমে সমাপ্ত হোৱা বুলি জানিবলৈ দিয়ে।

ইফালে ক'ভিডৰ বাবে প্ৰশাসনে বান্ধি দিয়া সময়মতে বিসৰ্জন পূজাস্থলী সমূহৰ ।

প্ৰতিমা বিসৰ্জন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ ৰাইজে পাগলদিয়া নৈৰ ঘাটত উপস্থিত হোৱা দেখা যায়। ইফালে ঘগ্ৰাপাৰতো দুখনকৈ দুৰ্গা পূজা ক্ৰমে ঘগ্ৰাপাৰ হৰিমন্দিৰ আৰু পূৱ নলবাৰী সাৰ্বজনীন দুৰ্গা পূজাৰ দেৱী ঘগ্ৰা নৈত বিসৰ্জন দিয়া চাবলৈ হাজাৰ হাজাৰ ভক্ত ভিৰ কৰা পৰিলক্ষিত হয়।ইফালে ঘগ্ৰাপাৰ হৰিমন্দিৰ ৬৭ সংখ্যক দুৰ্গা পূজাখনি ক'ভিড প্ৰট'কল মানি সফলতাৰে সামৰণি কৰা বুলি শ্ৰীশ্ৰী হৰিমন্দিৰ দুৰ্গা পূজা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি দিপেন কলিতা আৰু  সম্পাদক কালিচৰণ কলিতাই জানিব দিয়ে।

Your Comments