ফিলবাৰীৰ শিক্ষয়ত্ৰীক দু-ব্যৱহাৰ কাণ্ড দুৰ্ভাগ্যজনক, ভুক্তভোগী শিক্ষয়ত্ৰীৰ ওচৰত ক্ষমা ভিক্ষা আছু নেতৃত্বৰ

A

নিউজ ডেস্ক:
ফিলবাৰীৰ শিক্ষয়ত্ৰীক দু-ব্যৱহাৰৰ  ঘটনাক দুৰ্ভাগ্যজনক আখ্যা আছুৰ।দুৰ্ভাগ্যজনক ঘটনাৰ বাবে শিক্ষক সমাজ, নিৰ্যাতিত শিক্ষয়ত্ৰীৰ ওচৰত ৰাজহুৱা ক্ষমা-ভিক্ষা  ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ।শিক্ষাগুৰুসকলক আছুৱে সদায় উৰ্ধত ৰাখে।শিক্ষকসকলৰ আদর্শ, পৰামৰ্শ অনুসৰি আগবাঢ়ি যায়।প্ৰতিজন আছুকর্মী-ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকে আদৰ্শ ব্যক্তি।কিন্তু তেনে এটা সম্পৰ্কত এনেধৰণৰ ঘটনা সংঘটিত হোৱাটোৱে ছাত্ৰ- ছাত্ৰী, অসমবাসীৰ বাবে দুৰ্ভাগ্য বুলি কয় বৰুৱাই।

আনহাতে, ঘটনা সন্দৰ্ভত আছু সত্তাতোক সমালোচনা কৰাক লৈ সাধাৰণ সম্পাদক গৰাকীয়ে কয়- 'আছুকর্মী সকলৰ শিষ্টাচাৰ আছে।শিক্ষকৰ প্ৰতি শ্ৰদ্ধা সদায় অটুট আছে আৰু থাকিব।আছুৰ প্ৰতিটো কাৰ্যসূচীত শিক্ষকসকলক সদায় প্ৰয়োজন হয়।তেওঁলোক অবিহনে কাৰ্যসূচী সফল নহয়।ছাত্ৰ সন্থাৰ হাইকামাণ্ড নাই, শিক্ষকসকলেই আমাৰ অভিভাৱক।এজন ছাত্ৰ কর্মীয়ে কৰা দুৰ্ভাগ্যজনক কাণ্ডত আছু সত্তাতোক ভুল নুবুজিব'।

উল্লেখ্য  যে ফিলবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষয়ত্ৰীয়ে এদিন পূৰ্বে ছাত্ৰ- ছাত্ৰীৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা বিচাৰিছিল এগৰাকী আছুকর্মীৰ নির্দেশত।শিক্ষয়ত্ৰী গৰাকীয়ে আঁঠু কাঢ়ি ক্ষমা বিচৰাৰ দৃশ্য বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।সদৌ অসম ছাত্ৰ সন্থাৰ কর্মী গৰাকীয়ে কৰা দু-ব্যৱহাৰৰ বাবে আছুক বিভিন্ন জনে তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাৰ লগতে গৰিহণা দিয়া পৰিলক্ষিত হৈছে।ইতিমধ্যে আছুৰ কেন্দ্ৰীয় নেতৃত্বই ধুৰন্ধৰ ছাত্ৰকর্মী জনক সংগঠনৰ পৰা বহিষ্কাৰ কৰিছে।

শিক্ষয়ত্ৰী গৰাকীৰ ওচৰত ক্ষমা খুজি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়- ছাত্ৰকর্মী জনৰ দু-ব্যৱহাৰৰ বাবে যাতে আছুৰ সত্তাতোক ভুল নুবুজে।

ইফালে, শিক্ষয়ত্ৰী গৰাকীৰ বিৰুদ্ধে এডমিছনত পইচা লোৱা বা মাচুল বৃদ্ধিৰ গুৰুতৰ অভিযোগত বিদ্যালয়ৰ ছাত্ৰ একতাসভা, ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদ আছুৰ বেনাৰত হোৱা নাছিল বুলিও স্পষ্ট কৰি দিয়ে বৰুৱাই।

Your Comments