জাতীয় ছহিদ মুক্তিনাথ গোৱালা সোঁৱৰণী মুকলি প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

A

নিউজ ডেস্ক:


চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা জাতীয় ছহিদ মুক্তিনাথ গোৱালাৰ সোঁৱৰণী ২০২০-২১বৰ্ষ বঁটা লাভ কৰিছে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু যুৱ লেখক টুনুজ্যোতি গগৈয়ে।চাহ জনগোষ্ঠীৰ এগৰাকী সম্ভাৱনাপূৰ্ণ সংগ্ৰামী নেতা প্ৰয়াত গোৱালাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 'অসমক ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যৰূপে প্ৰতিষ্ঠাৰ সপোন' -শীৰ্ষক এক মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা আয়োজন কৰিছিল। উক্ত প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰষ্কাৰ প্ৰাপ্ত বিজেতাক ক্ৰমে ১লাখ টকা আৰু ৫০হাজাৰ টকাৰ নগদ ধন, বঁটা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।চলিত বৰ্ষৰ২১জুনৰ পৰা ৩০আগষ্টলৈ অনুষ্ঠিত মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা খনৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয়।উল্লেখ্য যে"কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান" প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ফলাফল ঘোষণা কৰে।

উল্লেখ্য যে ২০১৭ চনৰ ২১জুনত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক প্ৰয়াত মুক্তিনাথ গোৱালাৰ সোঁৱৰণত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা যিকোনো এগৰাকী ব্যক্তিক ৰাজ্যিক ভিত্তিত বছৰি এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।প্ৰতিবছৰে  "কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান" কৰ্তৃপক্ষই এই বঁটাৰ ধনৰাশি প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল। চলিত বৰ্ষত ঘোষিত পুৰস্কাৰ এমাহৰ ভিতৰতে আনুষ্ঠানিকভাৱে দুয়োগৰাকী বিজেতাক প্ৰদান কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিব দিয়ে।

ইফালে আগন্তুক ২০২১-২২বৰ্ষত  মুক্তিনাথ গোৱালা সোঁৱৰণী এই বঁটা ৰাজ্যিক ভিত্তিত সাংবাদিকতা ক্ষেত্ৰলৈ আগবঢ়োৱা কথা কৃষক মুক্তি সংগ্ৰাম সমিতি, কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান কৰ্তৃপক্ষই ঘোষণা কৰে। প্ৰতিষ্ঠিত ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ লগতে যিকোনো সামাজিক মাধ্যমত এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সম্পৰ্কত লেখা-মেলা আৰু সংবাদ পৰিবেশন কৰি সামাজিক ক্ষেত্ৰত দায়বদ্ধতাৰ আৰু বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা ব্যক্তি বিশেষলৈ এই বঁটা আগবঢ়াব।তাৰ বাবে চলিত বৰ্ষ অক্টোৱৰ মাহ পৰা ২০২২ৰ অক্টোবৰলৈ প্ৰতিযোগিতা সময়সীমা প্ৰযোজ্য হ'ব বুলিও উদ্যোক্তা কৃষক মুক্তি সংগ্ৰাম  সমিতিয়ে জানিবলৈ দিয়ে।

Your Comments