গুৰুজনাৰ আবিৰ্ভাৱ তিথিত আউনীআটী সত্ৰত সেৱা ললে সৰ্বানন্দ সোণোৱালে

A

B

নিউজ ডেস্ক:
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া বাণী, ভাতৃত্ববোধৰ যুগজয়ী চিন্তাধাৰা আৰু সাগৰসম কৰ্মৰাজিয়ে বৃহত্তৰ অসমীয়া জাতিক প্ৰতিটো ক্ষণতে উদ্বুদ্ধ কৰি আহিছে। আজি গুৰুজনাৰ পুণ্য আৱিৰ্ভাৱ তিথি উপলক্ষে ডিব্ৰুগড়ৰ মানকটাস্থিত শ্ৰীশ্ৰী আউনীআটী শাখা-সত্ৰত ভক্তিভৰা প্ৰণিপাত জনাই সকলোৰে কুশল আৰু শ্ৰীবৃদ্ধি কামনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
" মহাপুৰুষজনাৰ আৰ্দশই অসমীয়া সমাজ ব্যৱস্থাক এক শক্তিশালী সমন্বয়ৰ বাৰ্তা প্ৰদান কৰাৰ লগতে একতাৰ দোলেৰে বান্ধি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল" বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷ শংকৰদেৱৰ জন্মোৎসৱৰ লগতে ৰাজ্যবাসীক বিজয়া দশমীৰো শুভেচ্ছা প্ৰদান কৰে সোণোৱালে ৷
তেওঁৰ লগত উপস্থিত আছিল ডিব্ৰুগড়ৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন প্ৰমুখ্যে সতীৰ্থসকল। 

Your Comments