দুখবৰ ,ৰাজ্যত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ হাৰ

A



নিউজ ডেস্ক:
দুৰ্গোৎসৱৰ মাজতেই ৰাজ্যত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।
গুৰুত্বপূৰ্ণ কথা এই যে ,বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে মুঠ ২০৭ গৰাকীকৈ লোক ।
বৃহস্পতিবাৰৰ দিনটোত মুঠ ১৩,৫৪৮ জনৰ দেহত কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি পজিটিভিটিৰ হাৰ ১. ৫৩ শতাংশ।বুধবাৰৰ দিনটোত এই সংখ্যা আছিল ০.৮৫ শতাংশ। মাত্ৰ এটা দিনৰ পিছতেই এইদৰে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তনীয় বিষয় ।

Your Comments