আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আবিৰ্ভাৱ তিথি

A



নিউজ ডেস্ক:
আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৩ তম আবিৰ্ভাৱ তিথি । ১৪৪৯ খৃষ্টাব্দত জন্মগ্ৰহণ কৰা মহাপুৰুষ জনাই নিজৰ কৰ্মৰাজীৰে সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় জীৱনৰ মহানায়কলৈ ৰূপান্তৰিত  হৈছিল।

একশৰণ নাম-ধৰ্মৰে পৰা প্ৰমুখ্য কৰি কালজয়ী গীত, নাটক, ৰচনাৰে অসমীয়া সাহিত্য-সংস্কৃতিলৈ সংস্কাৰমুখী জাগৰণৰ বিপ্লৱ নমাই অনা মহাপুৰুষজনাৰ ৫৭৩ তম জন্মজয়ন্তী উপলক্ষে অসমৰ সকলো প্ৰান্ততে আড়ম্বৰপূৰ্ণভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। বৰপেটা, বৰদোৱা, বটদ্ৰবা, মাজুলীকে ধৰি ৰাজ্যৰ প্ৰতিখন ঐতিহাসিক সত্ৰ, নামঘৰৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিখন গাঁৱৰ নামঘৰে নামঘৰে আজি পুৱাৰে পৰা শুনা গৈছে নাম প্ৰসংগ ।


Your Comments