টিহুৰ পশ্চিম নান্নাৰটাৰীত দিন দুপৰতে সংঘটিত চাঞ্চল্যকৰ চুৰি কাণ্ড : সোন-ৰূপৰ গহনাকে ধৰি নগদ ধন লুট

A

B

নিউজ ডেস্ক:
আজি দিনৰ প্রায় ১২বজাৰ পৰা ৩বজাৰ ভিতৰত টিহুৰ পশ্চিম নান্নাৰটাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিৰ ঘটনা ।জানিব পৰা মতে পশ্চিম নান্নাৰটাৰীৰ নমি পাঠকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ গেটৰ তলা ভাঙি প্ৰৱেশ কৰে অচিনাক্ত দুৰ্বৃত্তই ।অভিযোগ অনুসৰি চোৰে পাঠকৰ ঘৰৰ বিচনা ,আলমাৰীৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে আলমাৰী লকাৰত থকা সৰ্বমুঠ ১৫০০০ টকা , সোণৰ চেইনৰ দুডালৰ লগতে দুটাকৈ সোণৰ আঙুঠি আৰু ৰূপৰ গহণা লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো ।ঘটনা সন্দৰ্ভত ইতিমধ্যেই টিহু থানাত এখন এজাহাৰ দাখিল কৰে নমি পাঠক আৰু তেওঁৰ মাতৃয়ে । প্ৰণিধানযোগ্য যে যে ইয়াৰ পূৰ্বেও ২০১৩ চনত নমি পাঠকৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছিল। আৰু সেইবাৰো আৰক্ষী চকীত এজাহাৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে অপৰাধীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল। এনেদৰে বাবে বাৰে পিতৃহীন নমি পাঠকৰ ঘৰখনক লক্ষ্য কৰি লোৱাত এতিয়া পৰিয়ালটো চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিছে। উচ্চশিক্ষা গ্ৰহণৰ হেতু সঘনাই মাতৃক ঘৰতে এৰি যাবলৈ বাধ্য হোৱা নমি পাঠকে এই ক্ষেত্ৰত আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰি দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰাৰ লগতে নিজ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও আৰক্ষী প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

C

 

 

Your Comments