ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবে উপলব্ধ হ’ল জাপানিজ এনকেফেলাইটিছৰ প্রতিষেধক

A



নিউজ ডেস্ক:
ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানিজ এনকেফেলাইটিছৰ প্রতিষেধক৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ সীমাৰ লোকসকলৰ বাবে জাপানিজ এনকেফেলাইটিছ টিকাকৰণৰ ৰাজ্যজোৰা অভিযান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ সোণাপুৰৰ জিলা চিকিৎসালয়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী মহন্তই এই জে ই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্রনাথ নাটে, স্বাস্থ্য বিভাগৰ উপ–সচিব কমলজিৎ তালুকদাৰ আৰু স্বাস্থ্যসেৱা (প্রতিষেধক) উপ–সঞ্চালক ডাঃ লাল সিঙেও এই অনুষ্ঠানত অংশগ্রহণ কৰে৷

উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানিজ এনকেফেলাইটিছৰ প্রতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে ১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ–কিশোৰীৰ বাবেহে এই প্রতিষেধক উপলব্ধ হৈছিল৷ ভাৰত চৰকাৰে ইতিপূর্বে পৰীক্ষামূলকভাৱে ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্রত এই প্রতিষেধকৰ সফল প্রয়োগ নিশ্চিত কৰাৰ পিছত চলিত বর্ষৰ পৰা অসমতো এই বয়স সীমাৰ লোকক জাপানিজ এনকেফেলাইটিছ প্রতিষেধক প্রদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্রদান কৰে৷ প্রতিবছৰত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাৱ ঘটা মার্চৰ পৰা ছেপ্ঢেম্বৰৰ সময়ছোৱাত এই প্রতিষেধক প্রদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা এই টিকাকৰণ অভিযান হাতত লৈছে৷ B

Your Comments