অসমৰ ৰেলগাড়ী সদৃশ চৰকাৰী বিদ্যালয়খননো ক'ত আছে পঢ়ি চাও আহক

A

 

নিউজ ডেস্ক: 
 ১৯৪৬ চনতে স্থাপিত এখন চৰকাৰী বিদ্যালয় , নাম ৭৩৭ নং দলৈতোলা প্ৰাথমিক বিদ্যালয় ৷  দেখাত ৰেলগাড়ী সদৃশ এই বিদ্যালয়খন বৰপেটা-গুৱাহাটী পথত অৱস্হিত ।
 উল্লেখ্য যে হাজো শিক্ষা খণ্ডৰ অধীনত শনিয়াদিত আছে এই অভিনৱ বিদ্যালয়খন ৷ গুৱাহাটীৰ পৰা প্ৰায় ১ ঘণ্টা মানৰ বাট গৈ কলিতাকুছি পাৰ হৈয়ে উপস্থিত হ'ব পাৰি এই বিদ্যালয়খনত ৷ এনে সুন্দৰ শিক্ষানুষ্ঠানখন দেখিলেই বাটৰুৱাইও ৰৈ ৰৈ চাই যায়। ভাৰতীয় ৰে'লৰ আৰ্হিত নিৰ্মাণ কৰা বাবে বিদ্যালয়খনক "দলৈতোলা এক্সপ্ৰেছ"নাম দি লৈছে কৰ্তৃপক্ষই।

Your Comments