ডিআইজি ৰৌণক আলি হাজৰিকাক জিএমচিএইচৰ কেবিনৰ পৰা পুনৰ তদাৰকী শাখাৰ জিম্মালৈ প্ৰেৰণ

A

নিউজ ডেস্ক:


হৃদৰোগত আক্রান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ডিআইজি ৰৌনক আলি হাজৰিকাক পুনৰ তদন্তকাৰী জিম্মালৈ প্রেৰণ।সুস্থ হোৱা বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় হাজৰিকাক।আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীৰ জিম্মাতে হৃদৰোগত আক্রান্ত হৈছিল।ন্যায়ালয়ে ১০ দিনৰ তদন্তকাৰী সন্থা জিম্মালৈ প্ৰেৰণৰ প্ৰথম নিশাই হাজৰিকা জিম্মাতে অসুস্থ হৈছিল।তদাৰকী শাখাই  পুনৰ নিজৰ জিম্মাত লৈ কয়-'বিশেষজ্ঞ চিকিৎসকক দেখাইছো।চিকিৎসকে ৰিলিজ দিছে, সকলো নৰ্মেল আছে'।

আনহাতে ৰিলিজ দিয়া সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়-'চিকিৎসালয়ত ভৰ্তিৰ সময়ত সামান্য অসুস্থ আছিল।সকলো পৰীক্ষা নিৰীক্ষাত নৰ্মেল পোৱা গৈছে।চিকিৎসালয়তে সুস্থ হৈ উঠাৰ পাছত নিৰীক্ষণত ৰখা হৈছিল কিন্তু কোনো লক্ষণ নাপালোঁ'।

উল্লেখ্য  যে ৭অক্টোবৰত ভৰ্তি  হৈছিল হাজৰিকা।ভৰ্তি কৰাৰ সময়ত শাৰীৰিকভাৱে দুৰ্বল হৈ আছিল।চিকিৎসালয়ত ৪ ঘণ্টা থাকিয়েই সুস্থ হৈছিল- শৰ্মাই লগতে কয়।

Your Comments