নিউজ ডেস্ক:
জেলত থাকিও গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব পৰা নাই মডেল ৰাজকন্যা বৰুৱাই।মঙলবাৰে পুনৰ দুৰ্ঘটনাৰ গোচৰত জেলতে দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় সুৰাপায়ী মডেল গৰাকী।৩বছৰৰ পুৰণি দুৰ্ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি কামৰূপ(ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে।উল্লেখ্য যে ২০১৭ চনত ৰাজকন্যাই এছ ০১জি ২১৯৪নম্বৰ বিলাসী বাহনেৰে ছয়মাইলত সংঘটিত কৰিছিল অন্য এটা দুৰ্ঘটনা।নিশা প্ৰায় ১২.৪৫বজাত সংঘটিত দুৰ্ঘটনাত বিজেপিৰ সোণাৰীৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণ জ্যোতি সন্দিকৈ গুৰুতৰভাৱে আহত হৈছিল।
ইফালে দুৰ্ঘটনাৰ পাছত ২০১৮ চনত ৭৪৭/২০১৮ নম্বৰত গোচৰ ৰুজু হৈছিল।উক্ত গোচৰতে দিছপুৰ আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰে ৰাজকন্যাক ।
আনহাতে, আদালতে ৰাজকন্যাক পুনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।
- Log in to post comments
- 26 views