চাহ বাগিচাৰ ছাত্ৰছাত্ৰীক অনা নিয়াৰ সুবিধাৰ্থে বাছ আগবঢ়ালে নীপকোৱে

A


নিউজ ডেস্ক:
 নৰ্থ ইষ্টাৰ্ন ইলেকট্ৰিক পাৱাৰ কৰ্পৰেচন লিমিটেড চমুকৈ নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনৰ জৰিয়তে চাহ বাগিচালৈ হস্তান্তৰ কৰে এখন বাছ।উল্লেখ্য যে মঙলবাৰে লখিমপুৰৰ আৱৰ্ত ভৱনৰ চৌহদত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱনে নীপকোৰ পৰা বাছখন গ্ৰহণ কৰি জিলাখনৰ জহিং কয়লামাৰী বাগিচাৰ কৰ্তৃপক্ষক অৰ্পণ কৰে । অনুষ্ঠানটোত বিধায়ক মানৱ ডেকা সহ নীপকো আৰু বাগিচা কৰ্তৃপক্ষই অংশ লয়।

গুৰুত্বপূৰ্ণ কথা এই যে ছাত্র-ছাত্রীক বিদ্যালয়লৈ অনা নিয়া কৰাৰ বাবে বাছখন ব্যৱহাৰ হ’ব। বিগত সময়ত চাহ জনজাতি ছাত্র সন্হা-আটচাই জিলা প্ৰশাসনক বাগিচাৰ ছাত্র-ছাত্রীসকলৰ বাবে বাছ দিবলৈ আবেদন জনাইছিল। আটচাৰ এনে আবেদনৰ পৰিপ্ৰেক্ষিতত উপায়ুক্তই নীপকোৰে যোগাযোগ কৰিছিল আৰু আজি নীপকোৱে প্ৰশাসনৰ জৰিয়তে বাছখন বাগিচাক হস্তান্তৰ কৰে। জিলাখনৰ অন্য বাগিচা কেইখনতো এনেদৰে বাছ আগবঢ়াবৰ বাবে উপায়ুক্তই আহ্বান জনায়।

Your Comments