১৭খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকলৈ ক্ষতিপূৰণ: ১০লাখকৈ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

A

নিউজ ডেস্ক:


ক'ৰনাৰ বাবে বিগত দুটা বছৰে ক্ষতিগ্ৰস্ত ভ্ৰাম্যমাণ থিয়েটাৰলৈ অসম চৰকাৰৰ আর্থিক সাহায্য।১৭খন থিয়েটাৰৰ প্ৰযোজকলৈ অসম চৰকাৰে আগবঢ়ালে ১০ লাখ টকাকৈ এককালীন সাহায্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কইনাধৰা ৰাজ্যিক অতিথিশালাত প্ৰদান কৰে এই সাহায্য।

উল্লেখ্য যে ক'ৰনা ভাইৰাছৰ বাবে বিগত দুটা বছৰ বন্ধ হৈ আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন।ফলত কলা-কুশলী,অভিনেতা-অভিনেত্ৰী সকলৰ লগতে আর্থিক সমস্যাত পৰিছিল প্ৰয়োজকসকল।ফলত বহুকেইখন থিয়েটাৰ বন্ধ কৰিব লগা দৰে পৰিস্থিতি হৈছে।ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত ভ্ৰাম্যমাণ থিয়েটাৰৰ গুৰুত্ব উপলব্ধ কৰি চৰকাৰে প্ৰযোজকসকলক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে প্ৰদান কৰে অনুদান।

গুৰুত্বপূৰ্ণ  কথা এই যে ক'ভিড নীতি মানি চৰ্ত সাপেক্ষ ভ্ৰাম্যমাণ থিয়েটাৰ মুকলি কৰাৰ বাবে স্বাস্থ্য বিভাগে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে।

Your Comments