দুৰ্গা পূজাত নলবাৰী জিলা হিন্দু জাগৰণ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ

A

নিউজ ডেস্ক:

নলবাৰী জিলা হিন্দু জাগৰণ মঞ্চৰ উদ‍্যোগত বিগত দিনত বিভিন্ন কাৰ্যসূচী,ক'ৰোনাৰ সময়ত ছেনিটাইজাৰ,মাক্স বিতৰণ কৰি অহাৰ সময়তে আজি দুৰ্গা পূজাৰ দ্বিতীয় দিনা অৰ্থাৎ সপ্তমী পূজাত সংগঠনটোৱে এক উল্লেখনীয় পদক্ষেপ হাতত লয়।আজি ৰাতিপুৱাৰে পৰা ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰত অনুষ্ঠিত দুৰ্গাপূজাখনিত উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজৰ মাজত চাহ-বিস্কুট বিতৰণ কৰে।উক্ত অনুষ্ঠানত হিন্দু জাগৰণ মঞ্চৰ,নলবাৰী জিলা সমিতিৰ সভাপতি উৎপল কলিতা,সম্পাদক মানস প্ৰতিম কলিতা আদিয়ে উপস্থিত থাকি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।B

Your Comments