লংকাৰ নখুটীত আৰক্ষীৰ অভিযান

A


নিউজ ডেস্ক :

লংকাৰ নখুটীত  যোৱানিশা আৰক্ষীয়ে  অভিযান চলায়।অভিযানত জব্দ কৰে  চাৰিখন চাৰি চকীয়া বাহন সহ  এখন টেলৰ টেংকাৰ।
উল্লেখ্য যে ৪৪ টা টেলৰ ড্ৰামত তেল ভৰ্তি কৰি আহি থকা অৱস্থাত নখুটী বজাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে তেলৰ ড্ৰাম সহ চাৰিচকীয়া চাৰিখন বাহনক । 
আনহাতে সৰ্বমুঠ পাঁচ খন বাহনৰ এজন চালককো আটক কৰিব নোৱাৰিলে নখুটী আৰক্ষীয়ে।।
জব্দকৃত গাড়ী কেইখনৰ নম্বৰ ক্ৰমে AS 01CC 7935,AS02CC 5670,AS02CC1996, AS01JC3765 আৰু টেলৰ টেংকাৰ খনৰ নম্বৰ NL01AA3551

জব্দকৃত তেলখিনি পেট্ৰল জাতীয় তেল বুলি জানিব পৰা গৈছে।তেলখিনিক পৰীক্ষা কৰাৰ পিছতহে তেলখিনি সঠিক ভাবে কি বা কিহত ব্যৱহৃত তেল জানিব পৰা যাব।

Your Comments