শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰে আলোচনাত বহিল মটক যুৱ-ছাত্ৰ পৰিষদৰ নেতা

A

 

নিউজ ডেস্ক:
যোৱা ১১ অক্টোবৰত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ নেতাই বিভিন্ন দাবী উথ্থাপন কৰি   অসম সচিবালয়ৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয়।
মটক জনগোষ্ঠীক  জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা,  ৰজাদিনীয়া ঐতিহাসিক কীৰ্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধন কৰা ইত্যাদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ ওপৰত আলোচনা কৰি উক্ত দাবী  সম্বলিত এখন স্মাৰক পত্ৰ মন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

আলোচনা  সভাখনত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, উপদেষ্টা কল্যাণ বৰা,সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, সহকাৰী সম্পাদক অনন্ত বৰুৱা, দিগন্ত দত্ত,শিক্ষা ও প্ৰযুক্তি সম্পাদক নয়নমণি ফুকণ, সাংগঠনিক সম্পাদক ঘণশ্যাম হাজৰিকা উপস্থিত থাকে।

Your Comments