নলবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কি কলে পঢ়ক

A


নিউজ ডেস্ক:
অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নলবাৰী জিলা প্ৰশাসনৰ সহযোগত নলবাৰী গৰ্ডণ খেল পথাৰত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা'ৰ "অন্ন মহোৎসৱ"ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী,অজন্তা নেওগকে আদি কৰি কেইবা গৰাকী সাংসদ-বিধায়ক আদি ।

 মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ তথা ৫৯ নং বিধানসভা সমষ্টিৰ  বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ তদাৰকত সভাখন অনুষ্ঠিত হয় ।

প্ৰায় ১০ সহাস্ৰধিক লোকৰ উপস্থিতিত সুলভ মূল্যৰ দোকানীসকলচ মঞ্চৰ সন্মুখত বহুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক উদ্দেশ্যি কয় যে প্ৰধানমন্ত্ৰীৰ যি সপোন ,গৰীব কল্যাণ অন্ন যোজনা সফলমণ্ডিত কৰিবলৈ জিলাখনৰ ৩৩,৯৮৭ গৰাকী সুলভ মূল্যৰ দোকানীয়ে নিজ দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰিব লাগিব । ১০ কিঃগ্ৰাঃ জোখৰ এটা মোনাত অন্ন বিতৰণৰে জোখ-মাপত হোৱা দুৰ্নীতিও ৰোধ কৰা হ'ব ।লগতে প্ৰতি গৰাকী ব্যক্তিক ৫কিঃগ্ৰাঃ কৈ চাউল প্ৰতিমাহে বিতৰণ কৰা হব ।লগতে নলবাৰীত  উপায়ুক্ত কাৰ্যলয় ,এখন জিলা ষ্টেডিয়াম,এটা আৱৰ্ত ভৱন,নলবাৰীৰ পৰা মছলপুৰ সংযোগী মথাউৰি ৰ ওপৰৰে ৫০কিমি পকি ৰাষ্টা নিৰ্মান কৰিব বুলিও উল্লেখ কৰে।

Your Comments