পে'ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি নিশ্চিতভাবে উৎকণ্ঠাৰ কথা, ভাৰত চৰকাৰে ৰাজ্যবাসীক সকাহ দিব- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:


'ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত  অসমত পে'ট্ৰল-ডিজেলৰ মূল্য কম।অসম চৰকাৰে ৫ টকাকৈ পে'ট্ৰল-ডিজেলত আৰোপ কৰা কৰ কিছুদিন পূৰ্বে উঠাই লৈছে।'-মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।পে'ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশৰ লগতে অসমতো শতকৰ ঘৰ অতিক্ৰম কৰা প্ৰসংগত ডঃ শৰ্মাই কয়- 'নিশ্চিত ভাৱে পে'ট্ৰল ডিজেলৰ মূল্যবৃদ্ধি এটা উৎকণ্ঠাৰ বিষয়।প্ৰধানমন্ত্ৰী-ভাৰত চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব'।

'আন্তৰ্জাতিক বজাৰ  মূল্যৰ লগত সামঞ্জস্য ৰাখি চৰকাৰে ৰাইজক সকাহ দিব বুলি মই আশাবাদী'- শৰ্মাই লগতে কয়।

উল্লেখ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো পে'ৰলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ।আনহাতে ডিজেলৰ মূল্যয়ো ৰাজ্যত ৯২টকা  অতিক্ৰম কৰিছে।

আনহাতে পে'ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ জাতীয় দল সংগঠন, বিৰোধী ৰাজনৈতিক দল তথা সৰ্বসাধাৰণ ৰাইজে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছে।

Your Comments