উত্তৰ পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা অৰ্কিড সমূহৰ সু-সংৰক্ষণ কৰি ৰাজ্যত "অৰ্কিড পৰ্যটন"ৰ বাট কাটিব নোৱাৰিনে ?

A

 

গংগোত্ৰী কাশ্যপ:

উজ্জ্বল ৰং আৰু বিচিত্ৰ আকৃতিৰ ফুল,  বায়ুৰ পৰা আহাৰ গ্ৰহণ কৰা একশ্ৰেণীৰ অলংকৃত উদ্ভিদকে অৰ্কিড বোলা হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰুণাচলতে আটাইতকৈ বেছি অৰ্কিড পোৱা যায় আৰু সেয়েহে ইয়াক অৰ্কিডৰ ভূ স্বৰ্গ বুলিও জনা যায়।
সম্প্ৰতি ভাৰতবৰ্ষত পোৱা বিভিন্ন অৰ্কিডৰ প্ৰজাতি সমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।  উত্তৰ-পূৰ্বাঞ্চলত পোৱা ৮০০ বিধ প্ৰজাতিৰ প্ৰায় ৭০ বিধ অৰ্কিডেই বৰ্তমান বিলুপ্তিৰ পথত । বিলুপ্তিৰ কাৰণ কেবাটাও আছে  ।ইয়াৰ ভিতৰত অৰ্কিড হোৱা বনাঞ্চলসমূহ ধ্বংস কৰা , জলবায়ুৰ পৰিবৰ্তনৰ লগতে অৰ্কিডৰ চোৰাং কাৰবাৰটোৱেও  বিলুপ্তিৰ ক্ষেত্ৰত ইন্ধন যোগাইছে । পথ বহল কৰাৰ বাবেই হওঁক বা অন্য কাৰণতেই হওঁক  ৰাইজৰ জ্ঞাতে অজ্ঞাতে দৈনিক বহু গছ কাটি থকা হৈছে । অসমৰ  বনাঞ্চল সমূহতেই অৰ্কিড সমূহ সংৰক্ষণৰ এক ব্যৱস্হা কৰি অৰ্কিডৰ সংৰক্ষণ কৰাৰ লগতে ৰাজ্যৰ পৰ্যটন উদ্যোগতো "অৰ্কিড পৰ্যটন"ৰ এক নতুন ধাৰা সংযোজন কৰিব পাৰি। এই ক্ষেত্ৰত অৰ্কিডৰ সুস্থ সংৰক্ষণ তথা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হেতুকে চৰকাৰ তথা বন বিভাগে অৰ্কিড সংৰক্ষণৰ বিষয়টোক গুৰুত্বসহকাৰে লোৱাটো খুবেই প্ৰয়োজনীয় ।
ইতিমধ্যেই উত্তৰ-পূৰ্বাঞ্চলত অৰ্কিডৰ গৱেষণাই এক বিশেষ মাত্ৰা লাভ কৰিছেই। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপিত থকা অৰ্কিড গৱেষণা আৰু প্ৰসাৰ কেন্দ্ৰটো অৰ্কিড গৱেষণাৰ অন্যতম বাটকটীয়া বুলিব পাৰি। বিলুপ্তপ্ৰায় আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডসমূহ সংগ্ৰহ কৰি তাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত অসম চৰকাৰে অতি সোনকালে কোনো পদক্ষেপ লোৱা দৰকাৰ ,নহলে সময়ৰ সোঁতত হেৰাই যাব পাৰে বহু মূল্যবান অৰ্কিডৰ প্ৰজাতি ।

B

Your Comments