বনবিভাগৰ ধ্বংসযজ্ঞ ,মিৰ্জাত ভিন্ন প্ৰজাতিৰ অৰ্কিডৰ আলৈ আথানি

A

B

 

গংগোত্ৰী কাশ্যপ:

মিৰ্জা চানডুবি পথ বহল কৰাৰ  বাবে  বনবিভাগে চলাইছে ধ্বংসযজ্ঞ ।  ৰাস্তাৰ দুয়োকাষে থকা  অমূল্য গছসমূহ যধে মধে  কটা পৰিলক্ষিত হৈছে ।
গুৰুত্বপূৰ্ণ কথা এই যে কটা যোৱা গছসমূহত  ভিন্ন প্ৰজাতিৰ অৰ্কিড লগোৱা আছিল । বন বিভাগে  অৰ্কিড সমূহৰ পুনৰ সংৰোপণ কোনো ব্যৱস্হা নকৰিলে,যাৰ ফলত আলৈ আথানি হৈছে এই অৰ্কিড সমূহৰ।এনেদৰেই হাজাৰ হাজাৰ অৰ্কিডক ধ্বংসৰ মুখলৈ ঠেলি  দিছে বন বিভাগে । যি সময়ত প্ৰকৃতি সুৰক্ষা তথা বিলুপ্তপ্ৰায় গছ-গছনি সমূহ সংৰক্ষণৰ শ্লোগান বন বিভাগেই দি আহিছে তেনে সময়তেই বিভাগটোৰ এনে কাৰ্যই সচেতন মহলক লজ্জানত কৰাৰ লগতে বিভাগটোৰ চৰম গাফিলতিৰ দিশটোকে উদঙাই দিছে ।
উল্লেখ্য যে মিৰ্জাৰ প্ৰকৃতিপ্ৰেমী মতিৰাম ৰাভাই বন বিভাগে আলৈ আথানি কৰা অৰ্কিডসমূহৰ কিছু  ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে ।

C

Your Comments