কৃত্ৰিম ভৰিৰে আকৌ খোজ কাঢ়িবলৈ সক্ষম হ'ব ৰাজকন্যাই ঘুণীয়া কৰা যোচেফে; ৰেইনড্ৰপছে যোগান ধৰিব কৃত্ৰিম ভৰি

A

B
নিউজ ডেস্ক : 
১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱা নামৰ এগৰাকী বিতৰ্কিত মডেলে সুৰাৰ ৰাগীত মাতাল হৈ নগৰাকীকৈ শ্ৰমিকক নিজৰ নিয়ন্ত্ৰণহীন গাড়ীৰে মহতীয়াই নিয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ।এই দুৰ্ঘটনাটোত আটাইতকৈ গুৰুতৰভাৱে আহত হৈছিল যোচেফ  মাৰাক নামৰ এজন লোক। লোকজনৰ এখন ভৰি দুৰ্ঘটনাস্থলীতে ছিগি গৈছিল। দুৰ্ভাগ্যবশত আনখন ভৰিও অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসকে কাটি পেলাবলীয়া হয়।
এতিয়া এক অনিশ্চিত ভৱিষ্যৎ সন্মুখত লৈ জিএমচিএইচৰ বিছনাত পৰি আছে যোচেফ মাৰাক। ঘৰ-পৰিয়ালৰ মানুহক তেওঁ হাস্পতাললৈ আহিবলৈ দিয়া নাই যদিও মানৱদৰদী একাংশ লোক ঠিয় হৈছে যোচেফৰ কাষত। গুৰুত্বপূৰ্ণ কথা এই যে যোচেফৰ স্তব্ধ হৈ পৰা জীৱনটোক কিছু সকাহ দিবৰ বাবে তেওঁৰ কাষত ঠিয় হৈছে ‘ৰেইনড্ৰপছ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটো।
ৰেইনড্ৰপছে যোচেফৰ বাবে দুখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ‘ৰেইনড্ৰপছ’ৰ মূল চালিকা শক্তি, লেখক আবিদ আজাদে এই পদক্ষেপৰ বিষয়ে কয় যে , "আজি আমি GMCH ত যোচেফক দেখা কৰিবলৈ যাওঁ। সন্ধিয়া যি সময়ত গৈ আমি নিৰ্দিষ্ট ৱাৰ্ডত উপস্থিত হৈছিলোঁ, সেই সময়ত তেওঁৰ দুয়োখন কটা যোৱা ভৰি ড্ৰেছিং কৰি থকা হৈছিল। মানুহজনৰ যন্ত্ৰণাকাতৰ চিঞৰ আৰু কটা ভৰিৰ দৃশ্যই আমাক খুবেই ব্যথিত কৰিছিল। ড্ৰেছিং হৈ যোৱাৰ পাছত ডাক্টৰৰ অনুমতি লৈ, আমি যোচেফক লগ কৰোগৈ। মানুহজন যন্ত্ৰণাত ভাগৰি পৰিছিল। কি বুলি কথা পাতিম! কি ভাষাৰেনো খবৰ ল’ম! তাতে লগত পৰিয়ালৰ কোনো নাই।
কিন্তু মানুহজনৰ সৈতে কথা পাতি কিছু মুহূৰ্ততে আমি অবাক হৈ গ’লোঁ। কি মনোবল, কি দৃঢ়তা! ভৰি দুখন যে আৰু নাই, সেই লৈ মুখত নিৰাশাৰ কোনো ভাব-লেখ নাই। কটা ভৰি দুখন শুকালেই যেন হাস্পতাল এৰি কামলৈ ঘূৰি যাব! ঘৰ তেওঁৰ মেঘালয়ৰ পশ্চিম গাড়ো পাহাৰত। নাম যোচেফ মাৰাক। পিতৃ-মাতৃ আদিবাসী। পত্নী গাৰো। তিনিটাকৈ সন্তান। কাষৰ অন্য এটেণ্ডেণ্টে জনোৱা মতে ঘৰৰ মানুহৰ সৈতে ভিডিঅ' কলিঙৰ সহায়ত তেওঁ কথা পাতিছে ইতিমধ্যে। ঘৰত হাহাকাৰ অৱস্থা। কিন্তু তেওঁ কাকো গাঁৱৰপৰা GMCH লৈ আহিব দিয়া নাই।
যোচেফ মাৰাকক খ্ৰীষ্টান নেকি বুলি সোধোঁতে তেওঁ কৈছিল ‘মই হিন্দুও, খ্ৰীষ্টানো।’ শয্যাশায়ী ভৰিবিহীন যোচেফৰ প্ৰৱল ধৈৰ্যশক্তি আৰু আত্মবল দেখি ক্ষণিকৰ বাবে মোৰ মনলৈ আহিছিল ক্ৰুছবিদ্ধ যীশুখ্ৰীষ্টলৈ। আমি Raindrops Initiative ৰ পৰা জুপিতৰা বসুমতাৰী আৰু পুণম বৰাই যোচেফ মাৰাকক দেখা কৰিবলৈ গৈছিলোঁ। তেওঁক কিছু আৰ্থিক সাহায্য দিয়াৰ উদ্দেশ্যৰে আমি গৈছিলোঁ। কিন্তু যিহেতু তেওঁৰ সৈতে নিজৰ কোনো এটেনডেণ্ট নাই, আৰু GMCH কৰ্তৃপক্ষইও বিশেষ তত্বাৱধানেৰে বৰ্তমান তেওঁৰ চিকিৎসা কৰি আছে, আমি বৰ্তমান তেওঁৰ হাতত টকাখিনি দি অহাৰ সলনি পৰৱৰ্তী সময়ত তেওঁৰ বাবে কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰাৰ সংকল্পৰে উভতি আহিলোঁ।"





Your Comments