হাতত ঝাৰু লৈ গুৱাহাটীৰ ৰাজপথত মুখ্য মন্ত্ৰী

হাতত ঝাৰু লৈ গুৱাহাটীৰ ৰাজপথত মুখ্য মন্ত্ৰী

হাতত ঝাৰু লৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী এইবাৰ নামিল ৰাজপথত । বেলতলা বজাৰত আজি দিনৰ ১২ বজাত মুখ্য মন্ত্ৰীৰ লগতে তেওঁৰ দলৰ কিছু কর্মীক দেখিবলৈ পোৱা গ’ল চাফাই কর্মী হিচাপে ৷

উল্লেখ্য যে আজি দেশৰ প্ৰধান মন্ত্ৰীয়ে সমগ্ৰ দেশতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি "স্বচ্ছতাই সেৱা" শুভাৰম্ভ কৰে ৷ সেই অভিযানৰ অংশ হিচাপে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো দেখিবলৈ পোৱা গ’ল আজিৰ দিনটোত এনেদৰে ।

হাতত ঝাৰু লৈ গুৱাহাটীৰ ৰাজপথত মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সম্পাদক অৰুণ সিঙকে ধৰি বহুসংখ্যক নেতা-কর্মী উপস্থিত থাকে । উল্লেখ্য যে ২০১৪ চনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশজুৰি আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানক অধিক ফলপ্ৰসূ কৰাৰ লক্ষ্যৰে এই "স্বচ্ছতাই সেৱা" আৰম্ভ কৰা হৈছে ।

হাতত ঝাৰু লৈ গুৱাহাটীৰ ৰাজপথত মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোকে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত সকলোকে এক শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায় ।

হাতত ঝাৰু লৈ গুৱাহাটীৰ ৰাজপথত মুখ্য মন্ত্ৰী

জানিব পৰা মতে, অহা ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তীত এই আঁচনিৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধা জনাব সমগ্ৰ ৰাষ্ট্ৰই ।

Your Comments