শোণিতপুৰৰ ঠেলামৰাৰ চক্ৰবিষয়াক গ্ৰেপ্তাৰ, সবিশেষ পঢ়ক

A

 

নিউজ ডেস্ক:
শোণিতপুৰ জিলাৰ ঠেলামৰাৰ চক্ৰবিষয়া বৰেণ্যৰঞ্জন বৰঠাকুৰক গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । PRESS ষ্টিকাৰ লগোৱা এখন গাড়ীৰে পলায়নৰ চেষ্টা কৰি ব্যৰ্থ হয় চক্ৰ বিষয়াজন । মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় বৰঠাকুৰক । বৰঠাকুৰে ৫০ হাজাৰ টকা উৎকোচ লোৱা বুলি গুলজাৰ হুছেইনে জেৰাত কৈছিল ।গুৰুত্বপূৰ্ণ কথা এই যে  ACS পোৱাৰ সময়তো  বিতৰ্কত সোমাই পৰিছিল বৰঠাকুৰ ।উল্লেখ্য যে 'বৰঠাকুৰ IAS একাডেমি'ৰ  স্বত্বাধিকাৰীৰ পুত্ৰ বৰণ্য ৰঞ্জন বৰঠাকুৰৰ বিৰুদ্ধে  দুৰ্নীতি প্ৰতিৰোধী আইনৰ ৭(ক) নং দফাত ৰুজু কৰা হৈছে এক গোচৰ ।

Your Comments