শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:


শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।দিছপুৰ আৰক্ষী থানাই বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ কৰে বাঘবৰৰ কংগ্ৰেছী বিধায়ক গৰাকীক।

উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দিছিল শ্বেৰমানে।

ইফালে বিধায়ক গৰাকীৰ বিতৰ্কিত মন্তব্যৰ
পাছতে সমগ্ৰ ৰাজ্যজুৰি গ্ৰেপ্তাৰৰ দাবী উঠিছিল।বিভিন্ন থানাত জাতীয় দল-সংগঠনে দাখিল কৰিছিল এজাহাৰ।

আনহাতে কংগ্ৰেছ দলেও বিধায়ক আলিক তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।লগতে বিজেপি এজেণ্ট আখ্যা দিছিল কংগ্ৰেছৰ নেতৃত্বই।

Your Comments