আজিৰে পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা:বন্যপ্ৰাণী সপ্তাহ শুভাৰম্ভনি কৰি ঘোষণা বনমন্ত্ৰীৰ

A

নিউজ ডেস্ক:

দর্শনাৰ্থীৰ বাবে আজিৰে পৰা পুনৰ মুকলি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা।৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ শুভাৰম্ভ কৰি চিৰিয়াখানা মুকলিৰ  কথা ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।উল্লেখ্য যে ক'ৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে চলিত বর্ষৰ এপ্ৰিল মাহৰ পৰা দর্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল চিৰিয়াখানা।

ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত সপ্তাহযোৰা বন্য প্ৰাণী সপ্তাহৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকে বন বিভাগৰ শীর্ষ বিষয়া লগতে ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ।বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি চিৰিয়াখানা চৌহদৰ পৰা উলিওৱা হয় শোভাযাত্ৰা।এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কন কন শিশু, বনকর্মী, প্ৰকৃতি প্ৰেমী জনতা।বন আৰু বন্যপ্ৰাণী সুৰক্ষা আহ্বানেৰে শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় প্লে-কাৰ্ড।

'বন্যপ্ৰাণীৰ প্ৰতি থকা মৰম-চেনেহ, সংৰক্ষণ আদি সামৰি সপ্তাহজুৰি সমাজত প্ৰচাৰ চলোৱা কাৰ্যসূচীৰ মূল-মন্ত্ৰ 'বন্যপ্ৰাণী জীয়াই থাকিলে জৈৱ-বৈচিত্ৰ ৰক্ষা হ'ব'-বনমন্ত্ৰী গৰাকীয়ে কয়।B

Your Comments