২০২২ বৰ্ষৰ HS চুড়ান্ত পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষা সংসদৰ, পঢ়ি লওঁক

A

নিউজ ডেস্ক :

 ২০২২বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষা সংসদৰ।ফেব্ৰুৱাৰী- মাৰ্চ মাহত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কথা জাননীযোগে প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।জাননীখনত উল্লেখ কৰা অনুসৰি পৰীক্ষাত অৱতী ৰ্ণ  হ'ব লগা ছাত্ৰ-ছাত্ৰীৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব পহিলা নৱেবৰৰ পৰা।অনলাইনৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ অন্তিম সময় ৩০ নৱেম্বৰ।

উল্লেখ্য  যে শিক্ষানুষ্ঠানৰ মুৰব্বী প্ৰধান শিক্ষকক ছাত্ৰ-ছাত্ৰীক প্ৰ- পত্ৰ পূৰণৰ সবিশেষ অৱগত কৰাৰ নিৰ্দেশ সংসদৰ।প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে সংসদে নিৰ্দিষ্ট সময়ত মুকলি কৰিব পৰ্টেল।

২০২১বৰ্ষত ক'ৰনা ভাইৰাছৰ বাবে  অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।

আনহাতে, চলিত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ  সুবিধা হোৱাকৈ ৪০শতাংশ হ্ৰাস কৰা হৈছে পাঠ্যক্ৰম।অৰ্থাৎ ৬০ শতাংশ পাঠ্যক্ৰম সামৰি অনুষ্ঠিত হ'ব চুড়ান্ত পৰীক্ষা।B

Your Comments