নিউজ ডেস্ক:
ৰাজ্যৰ বাবে এক সুখবৰ ৷পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ৷
উল্লেখযোগ্য যে সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক প্ৰদান কৰিব এই বঁটা।ইয়াৰোপৰি জাৰ্মানীত থকা অসমীয়া সাহিত্যিক ড০ নিৰোদ কুমাৰ বৰুৱা আৰু শ্বিলঙৰ চেম্বাৰ কেয়াৰক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।
গুৰুত্ব পূৰ্ণ কথা এই যে তিনি আগষ্টত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ৷এই বঁটাৰ লগতে আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰও প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 9 views