নিউজ ডেস্ক:
নিমাতীৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ।ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ চিকিৎসক গৰাকীৰ উৱলি যোৱা মৃতদেহ।মাজুলী আহতগুৰি ভেকেলি চাপৰি কুমলীয়া
ত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ মৃতদেহটো।গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল বৰুৱা।উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ১০-১১কিঃমিঃ দূৰত উদ্ধাৰ হৈছে মৃতদেহটো।
আজি দিনৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰি মৃতদেহটো কলা টি-চাৰ্ট পৰিহিত লগতে হাতত টাটু থকা বুলি আৰক্ষীক খবৰ দিয়ে।মৃতদেহটোত থকা টাটুৰ পৰাই ডাঃ বিক্ৰমজিৎ বৰুৱা বুলি আৰক্ষীয়ে চিনাক্ত কৰে।ইফালে দুৰ্গম অঞ্চলটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি নিমাতী ঘাটলৈ নিয়া হৈছে।
উল্লেখ্যে যে যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ নাওঁ দুৰ্ঘটনাটো।তেতিয়াৰ পৰা সন্ধানহীন হৈ আছিল চিকিৎসক গৰাকী।
- Log in to post comments
- 137 views
