চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে অহা নৱেম্বৰৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলন

A

নিউজ ডেস্ক:

চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে নির্বাচনৰ প্ৰাকক্ষণত ঘোষণা কৰা ৰাজ্য চৰকাৰৰ ১২৫কোটি টকা আজি পৰ্যন্ত মুকলি কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই।আজি গুৱাহাটী বীৰাংগনা সতী সাধনী ভৱনত  ১৬সংখ্যক প্ৰতিষ্ঠা দিৱসত সংবাদ মাধ্যমত মন্তব্য ৰাখি এইদৰে কয়  সভাপতি মহেন বৰাই।একমাত্ৰ ভোটৰ স্বাৰ্থত চুতীয়া জনগোষ্ঠীৰ ভোটাৰক আকৃষ্টৰ বাবে চৰকাৰে এই ধনৰাশি ঘোষণা কৰিছিল আৰু শেহতীয়াকৈ চৰকাৰৰ এশদিন অতিক্ৰম কৰাৰ পাছতো প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি সভাপতি বৰাই সদৰী কৰি কয়- প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্য  চৰকাৰৰ প্ৰতাৰণাৰ দিশসমূহ বিতং ভাৱে আলোচনা হৈছে।চৰকাৰে ঘোষণা কৰা ১২৫কোটি টকা  যে মাথোঁ নির্বাচনৰ ললি- পপ আছিল, চৰকাৰৰ বৰ্তমান অমনোযোগিতাই প্ৰমাণ কৰা বুলি অভিহিত কৰে।সমান্তৰালভাৱে জনগোষ্ঠীটো জনজাতিকৰণৰ প্ৰসংগতো চৰকাৰৰ বৰ্তমান সময়ত কোনো পদক্ষেপ দেখিব পোৱা নাই বুলি বৰাই উল্লেখ কৰি প্ৰতিখন চৰকাৰৰ নিজৰ উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত জনগোষ্ঠীটোৰ সমস্যাসমূহ সদায় সমস্যা হৈয়ে ৰয় বুলি কয়।তেওঁ কয় ' ২০১৬ চনত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে দায়িত্ব লৈয়ে পুৰাতত্ব মন্ত্ৰী কেশৱ মহন্তই  শদিয়া আৰু অৰুণাচলত থকা জনগোষ্ঠীটোৰ বহু পৌৰাণিক কীৰ্তি- চিহ্ন পৰিদৰ্শন কৰি এই সমলসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধন কৰাৰ আশ্বাস প্ৰদান কৰিছিল।কিন্তু সেই আশ্বাস আজিও আশ্বাস হৈয়ে ৰ’ল ।

ইফালে শনিবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহকে জনগোষ্ঠীটো জনজাতিকৰণ, উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ আসন সংৰক্ষণ, স্বায়ত্ব শাসন প্ৰদান, পৌৰণিক কীৰ্তি-চিহ্ন সংৰক্ষণ আদি দাবীৰে অহা নৱেম্বৰৰ পৰা পুনৰ ধাৰাবাহিক আন্দোলন গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় সন্থা সাধাৰণ সম্পাদক ৰাজু চুতীয়াই।

Your Comments