ইন্দ্ৰেশ্বৰ বৰাৰ পিতৃয়ে কলে মই আজি গৰ্বিত, কিন্তু দুখ পাইছোঁ প্ৰশাসনৰ ফালৰ পৰা শান্তনা দিব কোনো নাহিল

A

নিউজ ডেস্ক:

নিমাতী ঘাটৰ ভয়ংকৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ।বিশ্বনাথৰ লুইতৰ বুকুত সাহসী পুত্ৰৰ নশ্বৰদেহ উদ্ধাৰৰ পাছতে পিতৃয়ে কয়-'তিনি-চাৰিদিন শুব পৰা নাই।কিন্তু আজি ফাইনেল ৰিজাল্ট পাই অলপ শান্তনা লভিছো।কাৰণ সাহসেৰে তাক সৎকাৰ কৰিবলৈ পাম।ঈশ্বৰে তাকে মিলাই দিলে'।

আনহাতে পুত্রক সোঁৱৰণ কৰি তেওঁ কয়- 'শিশুকালৰ পৰা ল’ৰাৰ স্বভাৱ- চৰিত্ৰ নম্ৰ।পিতৃ-মাতৃৰ প্ৰতি যথেষ্ট ভক্তি।কোনো কথা নোকোৱাকৈ সি নিজেই অনুভৱ কৰে,মোৰ সুখৰ বাবে যিমানখিনি পাৰে সি কৰে'।

'মই যোগ্য পুত্ৰ জন্ম দিলোঁ।নিজৰ দেহটোৰ কাৰণে সি চিন্তা নকৰিলে।তাৰ বাবে মই গৰ্বিত'- বৃদ্ধ পিতৃয়ে এইদৰে কয়। 

'মোক ঘৰত সকলো কথা নকয়।কাৰণ মই ক’ব নোৱাৰা হৈ যাওঁ বুলি।আজি পুৱা মৃতদেহ পোৱা কথাও জনোৱা নাছিল।ওচৰৰ চুবুৰীয়াই সৎকাৰলৈ যা-যোগাৰ কৰোতে গম পোৱা বুলি উল্লেখ কৰি পিতৃয়ে কয়- 'মই আজি গৰ্বিত।সমাজৰ শিশুসকলক জ্ঞান দিয়াৰ উপৰিও ভৱিষ্যত প্ৰজন্মৰ বাবে উদাহৰণ ৰাখি থৈ গৈছে।নিজক তুচ্ছ কৰি আনক উদ্ধাৰৰ বাবে গৈ মৃত্যু হৈছে।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সি অমৰ হওঁক, আত্মাই শান্তি পাওঁক'।

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ ৪টা দিন  হৈ যোৱা পাছতো প্ৰশাসনৰ ফালৰ পৰা শান্তনা বাণী দিবলৈ কোনো আহি নাপালে।সেই কথাত অলপ দুখ পাইছোঁ- আবেগিক হৈ এইদৰে কয় পিতৃয়ে।

উল্লেখ্য যে আজি বিশ্বনাথত পুৱা উদ্ধাৰ হৈছে ইন্দ্ৰেশ্বৰ বৰাৰ নশ্বৰ দেহ।মৰণোত্তৰ পৰীক্ষাৰ অন্তত লখিমপুৰ নাওবৈছাৰ ঘৰখনলৈ নিয়া হ'ব।

Your Comments