নিউজ ডেস্ক:
নিমাতীৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ।বিশ্বনাথ ঘাটত আৰক্ষীয়ে উদ্ধাৰ কৰিছে উৱঁলি যোৱা মৃতদেহটো।প্ৰাপ্ত খবৰ মতে বনবিভাগৰ তহলদাৰী দলে লুইতৰ বুকুত প্ৰত্যক্ষ কৰিছিল মৃতদেহতো ।
উল্লেখ্য যে বুধবাৰে সংঘটিত নাওঁ দুৰ্ঘটনাত নিখোজ হৈ আছিল লখিমপুৰ নাওবৈছাৰ ইন্দ্ৰেশ্বৰ বৰা (জান)।উদ্ধাৰ হোৱা মৃতদেহটোত বগা ৰঙৰ টি-চাৰ্ট, জিন্স পেন্ট, জোতা পিন্ধি থকাৰ উপৰিও হাতৰ মধ্যমা আঙুলিত থকা আঙুঠিৰ পৰাই চিনাক্ত কৰা হৈছে।আঙুঠিত 'J' লিখা বুলি পৰিয়ালক অৱগত কৰে নদী আৰক্ষীয়ে।তাৰ ভিত্তিতে পৰিয়ালে নিশ্চিত কৰিছে ইন্দ্ৰেশ্বৰ বৰা বুলি।
দুখৰ কথা এই যে দুৰ্ঘটনা সংঘটিত নাওঁখনৰ পৰা পত্নীক উদ্ধাৰ কৰি বৰা নিজেই সন্ধানহীন হৈ পৰিছিল লুইতৰ বুকুত।
উল্লেখ্য যে শুকুৰবাৰে বিশ্বনাথ ঘাটতে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ বেগ ।
- Log in to post comments
- 274 views
