আকৌ ফৰ্মেলিন বিতৰ্ক : মহানগৰীৰ মাছ বজাৰত অভিযান

formeline

মহানগৰীৰ বেটকুছি মাছৰ বজাৰত খাদ্য সুৰক্ষা বিভাগৰ এটা দলে আজি অভিযান চলায়। অন্ধ্ৰ প্ৰদেশৰপৰা অহা চালানী মাছৰ বিৰুদ্ধেই এই  অভিযান বুলি জানিবপৰা গৈছে ।

উল্লেখযোগ্য যে গোলাঘাট আৰু জোনাইত অন্ধৰপৰা অহা চালানী মাছত দুদিন পূৰ্বে ধৰা পৰিছিল ফৰ্মেলিনৰ উপস্থিতি । তাৰেই পৰিণতিত বেটকুছি পাইকাৰী বজাৰত অন্ধ্ৰৰ মাছৰ বিৰুদ্ধে অভিযান চলাই পৰীক্ষাৰ বাবে কিছু নমুনা সংগ্ৰহ কৰে যোগান বিভাগে ।
 

Your Comments